Singapore Police:
ছিংগাপুৰৰ সমুদ্ৰৰ বক্ষত ৰহস্যজনকভাৱে মৃত্যুক সাৱটি লোৱা জুবিন গাৰ্গ মৃত্যুৰ গোচৰ সম্পৰ্কত ছিংগাপুৰ আৰক্ষীয়ে অৱশেষত আনুষ্ঠানিকভাৱে জাৰি কৰিলে বিবৃতি ৷ বিবৃতিত ছিংগাপুৰ আৰক্ষীয়ে উল্লেখ কৰে যে এছপিএফে-এ ইতিমধ্যে ক্ষীপ্ৰতাৰে আৰম্ভ কৰিছে জুবিন গাৰ্গ মৃত্যুৰ তদন্ত। প্ৰাৰম্ভিক তদন্তত কোনো ধৰণৰ ষড়যন্ত্ৰৰ গোন্ধ পোৱা নাই এছপিএফে-এ ৷
ছিংগাপুৰৰ ক’ৰ’নাৰ্ছ আইন,২০১০ অধীনত তদন্তকাৰী সন্থাটোৱে অব্যাহত ৰাখিছে তদন্ত। তদন্ত সম্পন্ন হ’ব তিনিমাহৰ ভিতৰত ৷ তাৰ পিছত তদন্তৰ প্ৰতিবেদন এছপিএফে-এ দাখিল কৰিব ছিংগাপুৰৰ ৰাষ্ট্ৰীয় ক’ৰ’নাৰত ৷
ছিংগাপুৰ আৰক্ষীয়ে বিবৃতিত আৰু কয় যে, ছিংগাপুৰত জুবিন গাৰ্গৰ মৰনোত্তৰ পৰীক্ষাৰ ৰিৰ্পট ইতিমধ্যেই ছিংগাপুৰ প্ৰশাসনে ছিংগাপুৰস্থিত ভাৰতীয় দূতাবাসৰ হাতত অৰ্পণ কৰিছে ৷ একেদৰে দূতাবাসক তদন্ত অগ্ৰগতিৰ প্ৰাৰম্ভিক তথ্যও দিয়া হৈছে ৷
