Ganja Seized:
চতিয়া আৰু বিশ্বনাথ আৰক্ষীয়ে অৰ্তকিতে চলোৱা এক যৌথ অভিযানত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা ৷ গ্ৰেপ্তাৰ হয় কুখ্যাত ড্ৰাগছ ব্যৱসায়ী দীপাংকৰ ৰাজখোৱা সহ আন এজন সৰবৰাহকাৰীক ৷
গোপন খবৰ ভিত্তিত চতিয়া আৰু বিশ্বনাথ আৰক্ষীৰ এটা যুটীয়া আৰক্ষীৰ দলে চতিয়াৰ মুদৈ গাঁৱৰ দীপাংকৰ ৰাজখোৱাৰ বাসগৃহত অভিযান চলাই ৷ অভিযানত উদ্ধাৰ হয় প্ৰায় ৮৫ কেজি গাঞ্জা ৷ জব্দকৃত গাঞ্জা প্ৰায় লক্ষাধিক টকা । আৰক্ষীয়ে দীপাংকৰ ৰাজখোৱা সহ আন এজন গাঞ্জা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি অব্যাহত ৰাখিছে জেৰা ৷
ADVERTISEMENT




































