Gohpur :
গহপুৰ বিধানসভা সমষ্টি ভিত্তিত যোৱা ১০ অক্টোবৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ শুশ্রূষা সেতু মেগা স্বাস্থ্য শিবিৰৰ প্ৰায় ২০ লাখ টকা পুঁজিৰ সঠিক ব্যৱহাৰক লৈ গহপুৰৰ ৰাইজৰ মাজত বিভিন্ন প্রশ্ন সন্দেহৰ আৱৰ্তত সময়তে গহপুৰ মহকুমা ছাত্র সন্থাই ইয়াৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাই বিশ্বনাথ জিলা আয়ুক্তলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। গহপুৰ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি দিব্যজ্যোতি ভূঞা আৰু সাধাৰণ সম্পাদক অৰূপজ্যোতি ভূঞাৰ স্বাক্ষৰিত চাৰিদফীয়া স্মাৰক পত্ৰখন গহপুৰ সমজিলাৰ আয়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰা হয়।

স্মাৰক পত্ৰখনত ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়ত ৰোগীসকলৰ সুবিধার্থে আল্ট্রাছাউণ্ড আৰু চি টি স্কেন যন্ত্ৰৰ ব্যৱস্থা কৰি এটা ব্লাড বেংক স্থাপন কৰিবলৈও দাবী জনোৱা হয়। গহপুৰত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত বহু দিন ধৰি গহপুৰ নগৰৰ পৰা সমজিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখলৈকে স্ট্রীট লাইটৰ ব্যৱস্থা নথকাৰ ফলত নিশাৰ ভাগত প্রায়েই দুর্ঘটনা সংঘটিত হৈ আহিছে সেয়ে অতি সোনকালে এই পথছোৱাত ষ্টীট লাইটৰ ব্যৱস্থা কৰিবলৈ আহ্বান ৷ স্মাৰকপত্ৰখনত লগতে কোৱা হয় যে যোৱা ১০ অক্টোবৰত গহপুৰত অনুষ্ঠিত ‘মেগা স্বাস্থ্য মেলা’ৰ নামত আবণ্টিত বিভিন্ন শিতানৰ ২০ লাখ টকাৰ ধনৰাশিৰ সদ্ব্যৱহাৰ হোৱা নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে।
বিষয়টো সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্ত কৰি বিহিত ব্যৱস্থা ল’বলৈ আহ্বান জনোৱা হয়। গহপুৰ মহকুমাত হৈ থকা চৰকাৰী কাম যেনে ৰাস্তা-ঘাট, দলং আৰু কেইবাখনো বিদ্যালয়ত চলি থকা বাসগৃহসমূহত নিৰ্মাণৰ ক্ষেত্রত বিভিন্ন অনিয়ন আৰু দুর্নীতি সংঘটিত হৈছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰি আহিছে। এইসমূহৰ ক্ষেত্ৰতো তদন্ত কৰিবলৈ আহ্বান জনাইছে গহপুৰ মহকুমা ছাত্র সন্থাই।




































