Water explosion:
মহানগৰীত য’তে – ত’তে ইটোৰ পিছত সঘনাই সংঘটিত আহিছে জল বিস্ফোৰণ ৷ পাইপ ফুটি মহানগৰেৰ কেতবোৰ সদাব্যস্ত ৰাজপথ সহ আবাসী অঞ্চলত পানীৰ পাইট ফুটি জলমগ্ন হোৱাৰ কে’বাটাও ঘটনা সংঘটিত হৈছে যদিও শিকনি নহ’ল গুৱাহাটী পৌৰ নিগমৰ পানী যোগান বিভাগটো ।
আনকি খাৰঘুলীৰ জয়পুৰত জাইকাৰ বৃহৎ পাইপ ফাটি জল প্ৰলয়ৰ সৃষ্টি হৈ বহু ঘৰ- দুৱাৰ তচনচ হোৱাৰ লগতে কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হৈছিল এগৰাকী বৃদ্ধা ৷ বাৰেপতি হৈ থকা ঘটনাৱলীৰ লগত আজি সংযোগ হ’ল আন এক জল বিস্ফোৰণ ঘটনা ৷ এইবাৰ ঘটনাৰ স্থান গুৱাহাটী ক্লাব – উলুবাৰী সংযোগী বি বৰুৱা পথৰ চিআৰপিএফ ট্ৰেঞ্জিত কেম্পৰ সমীপত।
জিএমচিৰৰ পানী যোগান পাইপ ফুটি জল বিস্ফোৰিত হৈ প্ৰায় ৩৫ফুট উচ্চতালৈ পানীৰ ঢৌ উঠে ৷ আনকি সেই স্থানত থকা বিদ্যুৎ পৰিবাহী তাঁৰ স্পৰ্শ পৰ্যন্ত কৰে পানীৰ ঢৌৱে ৷ ফলত যিকোনো মূহুৰ্তত ঘটিব পাৰে অঘটন ৷ যাক লৈ উদ্বিগ্ন হৈ পৰিছে স্থানীয় লোক ৷ ইতিমধ্যে ৰাইজৰ খববৰ ভিত্তিত জিএমচিৰ পানী যোগান বিভাগৰ লোক মেৰামতি বাবে উপস্থিত হৈছে ঘটনাস্থলীত I
ADVERTISEMENT



































