প্ৰাণৰ শিল্পী জুবিনৰ দুৰ্ভাগ্যজনক মৃত্যুৱে গ্ৰাস কৰিলে দীপাৱলীৰ আনন্দ

হঠাৎ নিশা কোনে ফুটালে ফটকা

Diwali Assam scaled

Diwali:✒️প্ৰাণৰ শিল্পীৰ ন্যায়ৰ দাবীয়ে টোপনি হৰিছে অসমৰ জনগণৰ।এতিয়া আৰু উৎসৱৰ আনন্দত মতলীয়া হ’বলৈ কাৰো সত যোৱা নাই। হিয়াৰ আমঠু জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যুৰ ঘটনাৰ ন্যায় প্রদানেহে হিয়া শাঁত পেলাব অসমবাসীৰ।

পোহৰৰ উৎসৱ দীপাৱলীও এইবাৰ সেয়েহে আন্ধাৰ-মলিন। আনুষ্ঠানিকতা পালন কৰি পদূলিত জ্বলিছে মাত্র কিছু গছি চাকি। নাই ৰংচঙীয়া লাইটৰ বাহাৰ, নাই ফটকাৰ কাণ তাল মৰা শব্দ। অলপতে সমাপ্ত হোৱা দুর্গা পূজাৰ আনন্দও এইবাৰ জুবিনৰ অনাকাংক্ষিত দুর্ভাগ্যজনক মৃত্যুৰ বেদনাই গ্রাস কৰিছিল। তাৰ পাছত দীপাৱলীৰ উৎসৱৰ আনন্দ ম্লান পৰিল।

সুদীর্ঘকাল ধৰি পৰিৱেশ কর্মীসকলে আহ্বান জনোৱাৰ পাছতো অসমত দীপাৱলীত ফটকা ফুটোৱা বন্ধ হোৱা নাছিল। ফটকাৰ শব্দই কাণ তাল মাৰি ধৰা পৰিৱেশ বিৰাজ কৰি আহিছে ৰাজ্যখনত। এইবাৰ অৱশ্যে পৰিৱেশ জুবিনৰ মৃত্যুৱে সুকীয়া কৰি তুলিলে। এমাহ পূর্বে মৃত্যুবৰণ কৰা প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়ৰ দাবীত আৰু তেওঁৰ প্রতি শ্রদ্ধাঞ্জলি জ্ঞাপনৰ আহ্বানৰে বিভিন্নজনে ফটকা-আতচবাজী ফুটোৱাৰ পৰা বিৰত থকাই নহয়, ৰংচঙীয়া লাইটৰ বাহাৰেৰে ঘৰ-দুৱাৰ, বাট-পথ আলোকময় কৰাৰ পৰাও বিৰত থাকে।

এই সন্দর্ভত দোকানী তথা লাইট সংস্থাপন কৰা ইলেক্ট্রিচিয়ান আদিকে ধৰি সংশ্লিষ্ট বিভিন্নজনে জনোৱা মতে ফটকা দূৰৰ কথা, লাইটৰ বিক্ৰীও এইবাৰ একেবাৰে নাই। একে সময়তে এনে বিভিন্ন দোকানী, কাৰিকৰী লোকে কয় যে তেওঁলোকেও এইবাৰ দীপাৱলীত নিজ নিজ বিপণীবোৰ গ্ৰাহকক অইনবাৰৰ দৰে আকৃষ্ট কৰিবলৈ লাইটবোৰ প্ৰদৰ্শন কৰি পোহৰাই তোলা নাই। এনে এজন ব্যৱসায়ীয়ে কয়, ‘জুবিনদা আমাৰ বাবে কি আছিল বুজাব নোৱাৰো। আমাৰো মন যোৱা নাই গ্রাহকক খেদি খেদি সামগ্রী বিক্রী কৰিবলৈ। সঁচা কথা ক’বলৈ গ’লে অইনবাৰৰ তুলনাত বিক্রী শূন্য বুলিয়ে ক’ব লাগিব। আমাৰ কোনো আক্ষেপ নাই। জুবিনদাই ন্যায় পাব লাগে।’

আন এজন কাৰিকৰী লোকে কয়, ‘অইনবাৰ মানুহৰ ঘৰত আলোকসজ্জা কৰি উশাহ ল’বলৈ সময় নাথাকে। এইবাৰ কোনেও মতা নাই আৰু আমাৰো এইবোৰ কাম কৰিবলৈ মন যোৱা নাই।’ এনে এক ছবিয়ে ৰাজ্যজুৰি বিৰাজ কৰিছে।

জুবিনৰ অনাকাংক্ষিত মৃত্যুৰ শোকত ডুব যোৱা গুৱাহাটী মহানগৰীতো কলপুলি পুতি পৰম্পৰাগতভাৱে মাটিৰ চাকি-বন্তি প্রজ্বলনৰে দীপাৱলীৰ সাত্ত্বিকতা বজাই ৰখাৰ চেষ্টা কৰা হৈছে। একেদৰে পূজা-পাতল কৰা হৈছে। অইনবাৰৰ দৰে ফটকা আৰু লাইট আদিৰ বিক্রী নাই বুলি বিক্রেতাসকলে জনাইছে। পূৰ্বতে দীপাৱলীৰ সময়ত অস্থায়ীভাৱে ফটকা আৰু আলোকসজ্জাৰ বাবে ৰং-বিৰঙী লাইট আদি বিক্ৰী কৰা সকলে এইবাৰ পূজাৰ সামগ্ৰী আৰু মাটিৰ চাকি বিক্ৰী কৰিছে।

ৰাজ্যত জাকজমকতাবিহীন এক সেমেকা পৰিৱেশত বজাৰত নাই গ্ৰাহকৰ ভিৰ। এগৰাকী গ্রাহকে গণেশগুৰিৰ বজাৰত ‘দৈনিক অগ্রদূত’ক কয়, ‘কেৱল পৰম্পৰা ৰক্ষাৰে এইবাৰ পালন কৰা হয় পোহৰৰ উৎসব। প্রিয় শিল্পীক হেৰুওৱা আজি এমাহ হ’ল। ন্যায় কেতিয়া পাম? আমাক লাগে ন্যায়।’

ইপিনে, মহানগৰীত সন্ধিয়া তেনেই সামান্য সংখ্যকে ফটকা ফুটায় যদিও দীপাৱলীৰ ৰঙীণ পোহৰত জকমকীয়া হৈ পৰা নগৰীখন এইবাৰ অস্বাভাবিকভাবে শান্ত-সৌম্য হৈ থাকে। তদুপৰি বিভিন্ন কালী পূজা আৰু দীপাৱলীৰ মণ্ডপত নাই কোনো গান-বাজনা। প্রিয় শিল্পীগৰাকীলৈ উৎসৰ্গা কৰিছে মঞ্চসমূহে। এই দীপাৱলী এইবাৰ উদ্যাপনৰ স্মৃতি নহয়, প্রিয় শিল্পীৰ সোঁৱৰণৰ স্মৃতি হৈ ৰ’ব। জুবিনবিহীন এইটো প্রথমটো দীপাৱলী অসমীয়াৰ বাবে অসহনীয় স্মৃতিত পৰিণত হৈছে। অসমীয়াৰ আত্মাত জীয়াই থকা জুবিনৰ ন্যায়ৰ অপেক্ষাত আছে সকলো। বজাৰত সেয়েহে আতচবাজীৰ নাই ক্রেতা।

অৱশ্যে নিশা হঠাতে মহানগৰীৰ বিভিন্ন স্থানত ফটকাৰ শব্দ শুনিবলৈ যোৱা যায়। কোনো বিশেষ চক্ৰৰ প্ৰৰোচনাত এইদৰে হঠাতে ফটকা ফুটোবা হৈছে বুলি সামাজিক মাধ্যমত ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ কিছু সময়ৰ পাছত আশ্চর্যজনকভাৱে সেয়া পুনৰ বন্ধ হৈ পৰে।

তেজপুৰত সেমেকা দীপাৱলী

তেজপুৰৰ ষ্টাফ ৰিপৰ্টাৰঃতেজপুৰতো কালী পূজা আৰু দীপাৱলীৰ সময়ত এক সুকীয়া পৰিৱেশে বিৰাজ কৰে। তেজপুৰৰ পূজাস্থলীসমূহত বিধিগতভাবে কালী পূজা সম্পন্ন হৈছে যদিও পূৰ্বৰ দৰে নাই উৎসৱমুখৰ পৰিৱেশ। তদুপৰি চহৰখনত ফটকা তথা আতচবাজীৰ দোকানৰ সংখ্যাও যথেষ্ট কম। আজি অধিকাংশ পৰিয়ালে মাটিৰ চাকি প্রজ্বলন কৰাৰ লগতে কিছু সংখ্যকে আলোকসজ্জা কৰিছে যদিও পূৰ্বৰ তুলনাত সেয়া তেনেই নগণ্য। আনকি বহু অঞ্চলত আজি নিশা পর্যন্ত এক গোমা পৰিবেশেই বিৰাজ কৰে। পূর্বে ফটকাৰ অন্তহীন শব্দত কালী পূজাৰ নিশাৰ পৰাই যি হুলস্থুলীয়া এক পৰিৱেশৰ সৃষ্টি হয়, তাৰ পৰিৱৰ্তে এইবাৰ বিক্ষিপ্তভাৱেহে ফটকাৰ শব্দ শুনিবলৈ পোৱা গৈছে তেজপুৰ আৰু ইয়াৰ পার্শ্ববর্তী অঞ্চলসমূহত। আনহাতে, ফটকাৰ পাইকাৰী বিক্রেতাসকলে প্রকাশ কৰা অনুসৰি এইবাৰ ফটকাৰ বজাৰখনো তেনেই সেমেকা তেজপুৰত। কালি আৰু আজি অৱশ্যে কিছু সংখ্যক গ্ৰাহকৰ আগমন ঘটে যদিও তেওঁলোকে মাত্র তেওঁলোকৰ নাবালক সন্তানৰ বাবে কিছু পোহৰৰ আতচবাজীহে ক্রয় কৰে। তদুপৰি তেওঁলোকৰ মনতো এক ইতস্ততঃবোধ প্রকাশ পোৱা বুলিও কয় বিক্রেতাসকলে। ফটকা বিক্ৰীৰ পৰিমাণ পূৰ্বৰ তুলনাত ৮০ শতাংশ তাকৰ বুলি কয় পাইকাৰী বিক্রেতাসকলে। উল্লেখ্য যে পূর্বে বৃহত্তৰ তেজপুৰৰ সকলো চেণ্টাৰৰ লগতে চহৰত বহুসংখ্যক ফটকাৰ খুচুৰা বিক্রেতা দোকানৰ সলনি এইবাৰ তেনে দোকান প্রায় নাই বুলিব পাৰি। একপ্ৰকাৰ নিস্তব্ধতা আৰু সেমেকা আলোকৰ মাজৰেই আজি দীপাৱলীৰ প্ৰথমটো নিশা পাৰ কৰা ৰাইজে যেন প্রিয় শিল্পী জুবিন গাৰ্গৰ কায়িক অবর্তমানক এইদৰেই স্মৰণ তথা শ্রদ্ধাঞ্জলি জনাইছে তেজপুৰত।

নগাঁৱত এইবাৰ দীপাৱলীত নাই পূৰ্বৰ উছাহ

নাই আলোক সজ্জাৰ বাহাৰ-কাণ তাল মৰা ফটকাৰ শব্দ

নগাঁৱৰ ষ্টাফ ৰিপৰ্টাৰ: পোহৰৰ উৎসৱ দীপাবলীক লৈ এইবাৰ নগাঁও জিলাত পূৰ্বৰ দৰে উছাহ-উদ্দীপনা পৰিলক্ষিত নহ’ল। অসমৰ ৰাইজৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ উকলি যোৱাৰ পাছতো সমগ্র ৰাজ্যত শোকাকুল পৰিৱেশ অব্যাহত আছে। সকলোৱে বিচাৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ সঠিক তদন্ত আৰু ন্যায়। এনে পৰিস্থিতিৰ মাজতে আজিৰ পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে পোহৰৰ উৎসৱ দীপাৱলী। পিছে এইবাৰ পূৰ্বৰ দৰে নৱপ্ৰজন্মকে ধৰি সকলো স্তৰৰ ৰাইজৰ মাজত নাই কোনো বিশেষ উছাহ। পূর্বতে নগাঁও জিলাত দীপাৱলীৰ কেইদিনমান আগৰে পৰা ফটকা-আতচবাজীৰ চলে কোটি কোটি টকাৰ এক ৰমৰমীয়া ব্যৱসায়। উত্তৰ-পূৰ্বাঞ্চলৰ ফটকাৰ অন্যতম পাইকাৰী বজাৰ নগাঁৱত এইবাৰ পূৰ্বৰ দৰে ফটকা-আতচবাজীৰ বিক্ৰী নাই। অসমৰ বিভিন্ন জিলাৰ পৰা বহু লোক ফটকা ক্ৰয় কৰিবলৈ নগাঁৱলৈ আহে। এইবাৰ তেনে পৰিৱেশ হোৱা নাই। নগাঁও চহৰকে ধৰি বিভিন্ন স্থানৰ খুচুৰা ব্যৱসায়ীসকলৰ প্রতিষ্ঠানতো এইবাৰ ফটকা-আতচবাজীৰ বিক্ৰী সন্তোষজনক নহয়। উচ্চ শব্দযুক্ত ফটকা বজাৰত উপলব্ধ নাই বুলিয়েই ক’ব পাৰি। আগতে দীপাৱলীৰ সময়ত নগাঁৱত তিনিদিন আগৰে পৰা ফটকা, আতচবাজীৰ শব্দত ৰজনজনাই থাকে। এইবাৰ তেনে পৰিবেশ হোৱা নাই। জিলাখনৰ অধিকাংশ লোকে প্রিয় শিল্পীৰ প্রতি সম্মান জনাই আলোকসজ্জাৰ ব্যৱস্থা কৰা নাই।

নলবাৰীতো ম্লান উৎসৱৰ পৰিৱেশ

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে লগতে নলবাৰী জিলাৰ বিভিন্ন অঞ্চলত গছপুলি ৰোপণ কৰি চাকি-বস্তি প্রজ্বলনবে উদ্যাপন কৰে পোহৰৰ উৎসৱ। সন্ধিয়াৰ ভাগত আয়তীৰ উৰুলি, দবা, শংখ, তাল আদি বজাই বন্তি প্রজ্বলন কৰা হয় বিভিন্ন অঞ্চলত। এই অনুষ্ঠানতো জুবিনৰ প্ৰতিচ্ছবিত শ্রদ্ধাঞ্জলি জনোৱা হয় আৰু গাঁৱৰ জীয়ৰী-বোৱাৰী, ডেকা-গাভকরে প্রতিমূর্তিত শ্রদ্ধাঞ্জলি জনাই ন্যায়ৰ দাবী কৰে। অৱশ্যে সীমিত সংখ্যক পৰিয়ালে সামান্য পৰিমাণৰ আতচবাজী প্রজ্বলন কৰে আৰু ফটকা ফুটায়।

বৰপেটাৰ বিশেষ সংবাদদাতাই জনোৱা মতে, ইপিনে, সত্ৰ নগৰ বৰপেটাত বহুসংখ্যকে ফটকা ফুটাই, বং-বিৰঙৰ লাইট জ্বলাই দীপাৱলী উদ্যাপন কৰে। অৱশ্যে পূর্বতকৈ এই সংখ্যা কম আছিল। এইবাৰ দীপাৱলীত কেৱল চাকি-বস্তি জ্বলাই উদ্যাপনৰ বাবে আহ্বান জনোৱা হৈছিল যদিও বহু সংখ্যকে ফটকা ফুটোৱা দেখা গ’ল। দিনৰ ভাগত বজাৰ অঞ্চলত অস্থায়ী আতচবাজী দোকানসমূহত গ্ৰাহকৰ ভিৰ নাছিল যদিও সন্ধিয়া এই দোকানসমূহত যথেষ্ট গ্ৰাহকৰ ভিৰ হয়। বৰপেটাৰ বিলৰতাৰিস্থিত আতচবাজী শিল্প উদ্যোগতো যথেষ্ট ভিৰ হয়। পূৰ্বৰ তুলনাত কম যদিও ফটকা নুফুটোৱাকৈ নাথাকিল বৰপেটাবাসী।

Exit mobile version