SIT in Singapore:
জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু গোচৰৰ তদন্ত কৰিবলৈ সোমবাৰে ছিংগাপুৰত উপস্থিত হোৱা এছ আই টিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা আৰু জ্যেষ্ঠ আইপিএচ বিষয়া তৰুণ গোৱেলে আজি (ছিংগাপুৰ আৰক্ষী ফৰ্চৰ পাঁচ বিষয়াৰে এক বৈঠকত মিলিত হয় ৷পাঁচ ঘন্টাযোৰা বৈঠকত এছপিএফে এচ আইটিক তদন্তৰ ক্ষেত্ৰত সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে ।

আনহাতে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত ছিংগাপুৰ আৰক্ষী ফৰ্চেও ইতিমধ্যে নিজাববীয়াকৈ তদন্ত অব্যাহত ৰাখিছে । তদন্তৰ বিস্তৃত ৰিপৰ্ট ১৯ নৱেম্বৰত এছটিএফে দাখিল কৰিব ছিংগাপুৰৰ কৰোণাৰক ৷
ইপিনে,চিআইডিৰ এছটিআই-এ ১০ জনকৈ প্ৰবাসী অসমীয়াক চিআইডি হেড কোৱাৰ্টাৰত ইতিমধ্যেই সোধপোছ কৰিছিল যদিও ৱাজিদ আহমেদ নামৰ প্ৰবাসী অসমীয়াজন ছিংগাপুৰৰ নাগৰিক হোৱা হেতুকে কেতবোৰ কাৰিকৰী অসুবিধাৰ বাবে জেৰা কৰিব পৰা নাছিল।
কিন্ত দেওবাৰে ছিংগাপুৰত উপস্থিত হোৱা দুজনীয়া এছআইটিৰ দলটোৱে এছটিএফৰ সহযোগত ৱাজিদ আহমেদ নামৰ প্ৰবাসী অসমীয়াজনৰ ভাষ্য ছিংগাপুৰতে গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ৷ একেদৰে এছআইটি-এ জুবিন গাৰ্গ ছিংগাপুৰত থকা সময়ত বাহৰ পাতি থকা পেন পেচিফিক হোটেলখনৰ মেনেজাৰৰ ভাষ্য লোৱাৰ সম্ভাৱনা আছে ৷
আনহাতে আজি দিনটোৰ ভিতৰতে এছআইটিৰ দুজনীয়া দলটোৱে ঘটনাস্থলী পৰিদৰ্শন কৰিব পাৰে ৷




































