অৰুণাচলৰ নামচাইত নিশা গুলিয়াগুলি ঘটনা 

ঘটনাত নিহত আলফা (স্বাঃ) ৰ কেডাৰ

IMG 20251022 121438

মঙলবাৰে নিশা অৰুণাচলৰ নামচাইত আছাম ৰাইফলছ আৰু আলফা স্বাধীনৰ মাজত ভয়ংকৰ গুলিচালনা। আছাম ৰাইফলছৰ গুলীত নিহত তিনিচুকীয়াৰ আলফা(স্বাঃ)ৰ এজন কেডাৰ।

নিহত উগ্ৰপন্থীজন আইৱান অসম, যাক কন্তি ওৰফে অভিকেশৰ মৰাণ নামেৰেও পৰিচিত বুলি চিনাক্ত কৰা হৈছে।

নিৰাপত্তাৰক্ষীৰ সূত্ৰ অনুসৰি উগ্ৰপন্থী সংগঠনটো শেহতীয়াকৈ অসমৰ কাকপথাৰৰ সেনা শিবিৰত সংঘটিত আক্ৰমণৰ স’তে জড়িত হৈ থকাৰ অভিযোগ উত্থাপন হৈছে।

এনকাউণ্টাৰৰ পাছত নিহত উগ্ৰপন্থীজনৰ পৰা এটা HK ৰাইফল, এটা হেণ্ড গ্ৰেনেড আৰু এটা বেগ উদ্ধাৰ কৰে সেনাই।

নিশা আন্ধাৰৰ বাবে দলটোৰ বাকী সদস্যসকলে পলায়ন কৰিবলৈ সক্ষম হয়।

এনকাউণ্টাৰ ছাইটৰ পৰা পলায়ন কৰা আন উগ্ৰপন্থীসকলৰ সন্ধান অব্যাহত ৰাখিছে নিৰাপত্তাৰক্ষীয়ে।

Exit mobile version