Delhi population:✒️দীপাৱলীত ফটকা-আতচবাজী ফুটোবা কার্যই দেশৰ ৰাজধানী দিল্লীত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰে। মঙলবাৰে পুৱা মহানগৰখনৰ বায়ুৰ গুণাগুণ বিগত পাঁচ বছৰৰ সর্বনিম্ন হয়। ইয়াৰ কাৰণ হৈছে সোমবাবে ওৰে নিশা ফটকা ফুটোবাটো।
উল্লেখ্য যে পূর্বে দিল্লীত প্রদূষণ সৃষ্টিত কৃষি শস্যৰ পেলনীয়া অংশ দাহনেও বৰঙণি যোগাইছিল। এইবাৰ এই দাহনৰ পৰিমাণ ৭৭.৫ শতাংশ হ্রাস পায়।তৎসত্ত্বেও দিল্লীত কালি প্রদূষণে ভয়ংকৰ অৱস্থাৰ সৃষ্টি কৰে। গতিকে ফটকা-আতচবাজী ফুটোৱাৰ ফলতে যে মহানগৰখনৰ বায়ুৰ গুণাগুণ উদ্বেগজনক হ্রাস পোৱাটো প্রতিপন্ন হৈছে।
উল্লেখ্য যে বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ মতে প্রতি ঘনমিটাৰ বায়ুত প্ৰদূষক পিএম২.৫ৰ পৰিমাণ অধিক হ’লে সেই বায়ু মানুহ তথা বিভিন্ন প্ৰাণীৰ স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক ধৰণে প্ৰদূষিত হয়। হুৱে বান্ধি দিয়া পৰিমাণতকৈ পিএম২.৫ৰ পৰিমাণ প্রায় এশগুণ বৃদ্ধি পায়। অর্থাৎ প্রতি ঘনমিটাৰ বায়ুত প্ৰদূষকৰ পৰিমাণ গড় হিচাপত ৪৮৮ মাইক্র’গ্রাম হয়। দীপাৱলীৰ পাছত ইয়াৰ পৰিমাণ দুর্যোগপূর্ণভাবে ২১২ শতাংশ বৃদ্ধি পায়। আনকি সোমবাৰে নিশা দিল্লীৰ বায়ুত প্রতি ঘনমিটাৰত পিএম২.৫ৰ স্তৰ ৬৭৫ মাইক্র’গ্রাম পর্যন্ত হয়।
উল্লেখ্য যে প্ৰদূষণৰ পৰিমাণ বৃদ্ধি পোৱাত উচ্চতম ন্যায়ালয়ে দিল্লীত এক নির্দিষ্ট সময়সীমাৰ ভিতৰত সেউজ ফটকা ফুটোৱাৰ অনুমতি দিছিল। কিন্তু বাস্তৱত বহুতে উচ্চতম ন্যায়ালয়ৰ এই নির্দেশনাক আওকাণ কৰি বায়ু প্রদূষণ সৃষ্টিকাৰী ফটকা ফুটোৱা বুলি সন্দেহ কৰা হৈছে। আজি পুৱাৰ পৰিৱেশে ইয়াৰে ইংগিত দিয়ে। গতিকে চর্চা হৈছে যে সেউজ ফটকাই স্বাস্থ্যৰ ক্ষতিকাৰক ফটকাক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। ইয়াৰ পূৰ্বে যোৱা দুবছৰতো দিল্লীত দীপাৱলীত বায়ু গুণমান উদ্বেগজনকভারে হ্রাস পায়।
উল্লেখ্য যে কেন্দ্রীয় প্ৰদূষণ নিয়ন্ত্রণ ব’ৰ্ডৰ তথ্যত পোৱা গৈছে যে বিগত চাৰি বছৰৰ তুলনাত এইবাৰৰ দীপাৱলীতে দিল্লীৰ বায়ু অধিক প্ৰদূষিত হয়। গতিকে দেশৰ ৰাজধানী মহানগৰত মানুহ আৰু আন প্ৰাণীৰ বাবে নিৰাপদ বায়ুৰ পৰিমাণ উদ্বেগজনকভাবে হ্রাস পাই আহিছে। দীপাৱলীৰ নিশাত সৃষ্ট এই ভয়াবহ অৱস্থা সম্পর্কত ‘ক্লাইমেট ট্রেণ্ডছ’ শীর্ষক পৰিৱেশ সংগঠনৰ গৱেষক পলক বালিয়ানে সংবাদ মাধ্যমৰ আগত কয়, ‘তথ্যই কৈছে যে দীপাৱলীৰ পাছত পিএম২.৫ৰ পৰিমাণ গড়ে প্রায় ৪৮৮ হয়। এই উৎসৱৰ পূর্বে ইয়াৰ পৰিমাণ ১৫৬.৬ আছিল।
গতিকে দীপাৱলীৰ নিশা ইয়াৰ পৰিমাণ তিনিগুণ বৃদ্ধি পায় আৰু চলিত বৰ্ষৰ দীপাৱলী বিগত বছৰসমূহৰ ভিতৰত সবাতোকৈ প্ৰদূষিত দীপাৱলীত পৰিণত হয়।’ এই ভয়াৱহ অৱস্থা সম্পর্কত দিল্লী বিশ্ববিদ্যালয়ৰ অনুমোদিত শিক্ষানুষ্ঠান ৰাজধানী কলেজৰ অধ্যাপক ড° এছ কে ঢাকাই কয়, ‘দিল্লীত এই প্ৰদূষণ স্থানীয় কাৰকে সৃষ্টি কৰা। এই প্ৰদূষণ মহানগৰখনৰ বাহিৰৰ পৰা হোৱা নাই।’
পঞ্জাৱ-হাৰিয়ানাৰ কৃষকক দোষাৰোপ কৰাটো অজুহাত আছিল!
দিল্লীৰ বায়ু প্ৰদূষণ সম্বন্ধীয় আন এটা কথাও স্পষ্ট হৈছে যে মহানগৰখনৰ প্ৰদূষণৰ বাবে পঞ্জাৱ আৰু হাৰিয়ানাৰ কৃষকসকলক দোষাৰোপ কৰি অহাটো অমূলক আছিল। উল্লেখ্য যে ৰাজ্য দুখনৰ কৃষকসকলে শস্যৰ পেলনীয়া অংশ তথা নৰা আদি জ্বলাই দিয়া কার্যই দিল্লীত বায়ু প্রদূষণ সৃষ্টি কৰা বুলি বহুতে অজুহাত দি আছিল। সম্প্রতি এই ধাৰণা ভুল বুলি প্রতিপন্ন হৈছে। কাৰণ এইবাৰ কৃষকসকলে পথাৰত নৰা জ্বলোৱা কার্য ৭৭.৫ শতাংশ হ্রাস পায়। তৎসত্ত্বেও সোমবাৰে নিশাৰ পৰা দিল্লী ভয়াৱহ প্ৰদূষণৰ কবলত পৰে।
আনহাতে, সেউজ ফটকাই আন ফটকাৰ পৰা নিৰ্গত প্রদূষক নাশ কৰিব বুলি থকা ধাৰণাক লৈও সন্দেহৰ উদ্রেক ঘটিছে। কাৰণ এনে ফটকা ফুটোৱাৰ পাছতো যোৱা নিশাৰ পৰা দেশৰ ৰাজধানী মহানগৰখন ভয়াৱহ বায়ু প্ৰদূষণৰ কবলত পৰে।
