এটা নতুন গৱেষণাত জনা গৈছে যে মঙল গ্ৰহৰ বৰফৰ স্তৰত কোটি কোটি বছৰৰ পূৰ্বে মৃত জীৱনৰ অণুজীবীয় চিহ্ন এতিয়াও গোট মৰা অৱস্থাত টিকি থাকিব পাৰে। গৱেষকসকলে দেখুৱাইছে যে যদি বেক্টেৰিয়াৰ অণুসমূহ বিশুদ্ধ বৰফত আবদ্ধ হৈ থাকে, তেন্তে সিবোৰ মহাজাগতিক বিকিৰণৰ মাজতো প্রায় পাঁচ কোটি বছৰ পর্যন্ত অক্ষত হৈ থাকিব পাৰে। এই আৱিষ্কাৰে মঙলৰ গোট মৰা পৃষ্ঠৰ তলত অতীত জীৱনৰ প্ৰমাণ পোৱাৰ আশাকে নতুনকৈ উজ্জীৱিত কৰিছে।
গৱেষণাৰ বাবে বিজ্ঞানী দলটোৱে লেবৰেটৰীত মঙলৰ পৰিৱেশৰ দৰে চৰ্ত তৈয়াৰ কৰে। তেওঁলোকে ই কোলাই বেক্টেৰিয়া আৰু বিশুদ্ধ পানীৰ পৰা সৃষ্টি হোৱা বৰফৰ নমুনা সংগ্ৰহ কৰে।
এই নমুনাসমূহক মাইনাছ ৬০ ডিগ্রী ফাৰেনহাইট তাপমাত্রাত গোট মৰাই ৰখা হয় তথা এনে মাত্ৰাৰ বিকিৰণ প্ৰকাশ কৰা হয়, যি মঙল গ্রহে লাখ লাখ বছৰ ধৰি অনুভৱ কৰি আছে। ফলাফল দেখি বিজ্ঞানীৰ দলটো বিস্মিত হৈ পৰে। দেখা যায়, বিকিৰণৰ আঘাতৰ পাছতো প্ৰ’টিন গঠনৰ মূল উপাদান এমিনো এচিডৰ ১০ শতাংশৰো বেছি অক্ষত আছিল।
পেনছিলভেনিয়া ষ্টেট ইউনিভাৰচিটিৰ অধ্যাপক ক্ৰিষ্টোফাৰ হাউছে কয়, ‘৫০ নিযুত বছৰ সম্প্রতি মঙলৰ কিছু বৰফ স্তৰৰ অনুমিত বয়সতকৈও বেছি। অৰ্থাৎ মঙলৰ পৃষ্ঠৰ কাষত যদি কোনো বেক্টেৰিয়া থাকে, ভৱিষ্যতৰ অভিযানসমূহে সেইবোৰ বিচাৰি পাব।’
গৱেষণাত দেখা গৈছে যে মঙলৰ মাটি বা শিলাযুক্ত নমুনা বহু সোনকালে ভাঙি পৰে, অথচ বিশুদ্ধ বৰফে জীৱাণু আৰু অণুসমূহৰ বাবে এক ঢালৰ দৰে কাম কৰে। কাৰণ যেতিয়া বিকিৰণে খনিজযুক্ত বৰফত আঘাত কৰে, তেতিয়া ই ৰিএক্টিভ র্যাকডিকেল সৃষ্টি কৰে। এইবোৰে দ্রুত চলাচল কৰে তথা এমিনো এচিড ধ্বংস কৰি পেলায়; কিন্তু কঠিন, বিশুদ্ধ বৰফত র্যাকডিকেলবোৰ গোট মৰা অৱস্থাত আবদ্ধ হৈ পৰে, ফলত ক্ষতি কম হয়।
গৱেষক পাভলোভে ইয়াৰ ব্যাখ্যা কৰি কয়, ‘যেতিয়া বৰফ সম্পূৰ্ণ কঠিন অৱস্থাত থাকে, বিকিৰণত তৈয়াৰী ক্ষতিকৰ কণাসমূহ স্থিৰ হৈ পৰে তথা জৈৱ যোগৰ ওচৰত উপস্থিত হ’ব নোৱাৰে।’ অর্থাৎ, শিল বা মাটি অবিহনে বিশুদ্ধ বৰফে জীৱনৰ সম্ভাৱনাক আৰু বাস্তৱ কৰি তোলে।
গৱেষণাত লগতে দেখা গৈছে যে মণ্টমৰিলোনাইট নামৰ বোকামাটিৰ খনিজৰ কোনো সুৰক্ষা নিদিয়ে, বৰঞ্চ ই ক্ষয় প্ৰক্ৰিয়াক ত্বৰান্বিত কৰে। কাৰণ খনিজৰ পাতল তৰল স্তৰত বিকিৰণ সহজে বিয়পি পৰে আৰু অণু ভাঙি পেলায়। তাপমাত্রায়ো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
উষ্ণ, মঙলসম পৰিৱেশত এমিনো এচিড দ্রুত নষ্ট হয়; কিন্তু ঠাণ্ডা, ইউৰোপ সদৃশ তাপমাত্রাত সিবোৰ অনেক দীর্ঘস্থায়ী হয়। উচ্চ তাপমাত্রাত বিকিৰণে বেছি ম’বাইল অক্সিডেন্ট সৃষ্টি কৰে, যি দ্রুত জৈৱ পদাৰ্থৰ স’তে বিক্রিয়া কৰি ধ্বংস ঘটায়।
একে সময়তে পানীৰ পৰিমাণ সম্পর্কেও চমকপ্রদ তথ্য পোৱা গৈছে। আগতে ধাৰণা আছিল যে অধিক পানী থাকিলে দ্রুত ক্ষয় ঘটে; কিন্তু গৱেষণাত দেখা গৈছে যে সম্পৰ্কটো আৰু জটিল। বিশুদ্ধ বৰফত তৈয়াৰী র্যাডিকেলসমূহে সহজে চলাচল কৰিব নোৱাৰে; কিন্তু সামান্য পানীযুক্ত খনিজত সিবোৰে পাতল তৰল স্তৰৰ মাজেৰে চলাচল কৰি দ্রুত অণু ভাঙি পেলাব পাৰে।
এই গৱেষণাৰ সাৰমৰ্ম হৈছে যদি মঙল গ্রহত কেতিয়াবা মাইক্র’বিয়েল জীৱন আছিল, সিবোৰৰ ৰাসায়নিক চিহ্ন এতিয়াও বৰফৰ তলত লুকাই থাকিব পাৰে। বিশুদ্ধ বৰফ জৈৱ অণুসমূহক কোটি কোটি বছৰ সংৰক্ষণ কৰি ৰাখিবলৈ সক্ষম, যি ভৱিষ্যতে মানৱ অভিযানৰ বাবে আশাৰ পোহৰ দিব।
নাছাৰ বিজ্ঞানীসকলৰ এই গৱেষণাই এক গুৰুত্বপূৰ্ণ বার্তা দিছে; জীৱনৰ প্ৰমাণ বিচৰাৰ বাবে দৃষ্টি দিব লাগিব বৰফৰ ফালে, শিলৰ ফালে নহয়। মঙলৰ অতীত জীৱনৰ সূত্র হয়তো ইতিমধেই তাত আছে- গোট মৰা বৰফৰ স্তৰৰ ভিতৰত, সময়ৰ গভীৰত সংৰক্ষিত অৱস্থাত।






























