Guinness World Record:✒️সম্প্রতি বহু লোকেই এখন বা দুখন ক্রেডিট কার্ড ব্যৱহাৰ কৰে। কোনো কোনোবে আকৌ ক্রেডিট কাৰ্যৰ নাম শুনিলেই আতংকিত হৈ পৰে। কাৰণ তেওঁলোকৰ ঋণত অনিহা বা সংশ্লিষ্ট সংস্থাৰ এজেন্টে ধন বিচাৰি হাৰাশাস্তি কৰাৰ আশংকা। সেয়ে তেওঁলোকে হাতত থকা ধনকে খৰচ কৰিবলৈ পছন্দ কবে। অৱশ্যে ইয়াৰ মাজতে ব্যতিক্রম হায়দৰাবাদৰ এজন যুৱক। ১৬৩৮খন ক্রেডিট কার্ড ব্যৱহাৰ কৰি বিশ্ব অভিলেখ গঢ়িলে এই যুৱকজনে।
হায়দৰাবাদৰ নিৱাসী মনীষ ধমেজাৰ নামৰ যুৱকজনে কানপুৰৰ এখন বিশ্ববিদ্যাসয়ত অধ্যয়ন কৰিছিল। তেওঁ কম্পিউটাৰ এপ্লিকেচন বিষয়ত স্নাতকোত্তৰ। পৰৱৰ্তী সময়ত তেওঁ দূৰশিক্ষাত ছ’চিয়েল ৱর্কত মাষ্টাৰ্ছ কৰে সম্প্রতি হায়দৰাবাদৰ এটা বেচৰকাৰী কোম্পানীত তেওঁ চীফ হ’লছেল বেংকিং অফিচাৰ পদত কৰ্মৰত।
অৱশ্যে এতিয়াও পঢ়া-শুনা অব্যাহত ৰাখিছে মনীষে। প্রাপ্ত তথ্য অনুসৰি, সকলো ধৰণৰ অৰ্থনৈতিক দিশ খুচৰি খুঁটিনাটি জনাটো তেওঁৰ চখ। সেই চখৰ পৰাই আহিছে ইখনৰ পাছত সিখনকৈ ক্রেডিট কার্ড।
তথ্য অনুসৰি, সম্প্রতি মনীষ ১৬৩৮খন ক্রেডিট কার্ডৰ গৰাকী।অথচ শুনিবলৈ আজব লাগিলেও প্ৰতিখন কাৰ্ডৰ যাৱতীয় তথ্য হেনো যুৱকজনৰ নখদর্পণত। প্রতিখন কার্ডেই এই মুহূর্তত সক্রিয় হৈ আছে। কোনো এখন কার্ডতো কোনোদিনেই এটকাও বকেয়া থকা নাই। এই বিপুল সংখ্যক ক্রেডিট কার্ড সক্ৰিয় কৰি ৰাখিয়েই ‘গিনেছ বল্টু ৰেকৰ্ড’ত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে মনীষে। এই প্রসংগত তেওঁ কয়, ‘ক্রেডিট কার্ড মোৰ প্ৰেম।’






























