Kokrajhar:
কোকৰাঝাৰত ভয়ংকৰ ঘটনা ৷ কোকৰাঝাৰ আৰু ছালাকাটিৰ ৰে’লষ্টেচনৰ মাজত মাজনিশা সংঘটিত হয় ভয়ংকৰ ঘটনা । ৰে’লপথত বিস্ফোৰিত হয় আইইডি ৷ বিস্ফোৰণৰ ফলত ছিগি গল ৰে’লপথৰ এছোৱা অংশ ৷ স্তব্ধ হৈ পৰে উজনি -নামনি ৰে’লসেৱা ৷
আনহাতে মাজনিশা সংঘটিত হোৱা আইইডি বিস্ফোৰণৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় শীৰ্ষ আৰক্ষী বিষয়া সহ জ্যেষ্ঠ ৰে’ল বিষয়া ৷ ইতিমধ্যে যুদ্ধকালীত তৎপৰতাৰে ৰে’ল বিভাগৰ লোকে ৰে’ল লাইনটো মেৰামতি অব্যাহত ৰাখিছে ৷ আজি বিয়লি ভাগৰ ভিতৰত ৰে’ল পথেৰে ৰে’ল চলাচলৰ আশা কৰিছে এনএফ ৰে’লৱে
