Kokrajhar:
কোকৰাঝাৰত ভয়ংকৰ ঘটনা ৷ কোকৰাঝাৰ আৰু ছালাকাটিৰ ৰে’লষ্টেচনৰ মাজত মাজনিশা সংঘটিত হয় ভয়ংকৰ ঘটনা । ৰে’লপথত বিস্ফোৰিত হয় আইইডি ৷ বিস্ফোৰণৰ ফলত ছিগি গল ৰে’লপথৰ এছোৱা অংশ ৷ স্তব্ধ হৈ পৰে উজনি -নামনি ৰে’লসেৱা ৷
কোকৰাঝাৰ ষ্টেচনৰ পৰা প্ৰায় ৫ কিলোমিটাৰ পূৱ দিশত সংঘটিত হৈছে এই ঘটনা । ৰে’ল পথ বিচ্ছিন্ন হৈ পৰাত সেই পথেদি আহযাহ কৰা বহু কেইখন ৰে’ল ষ্টেচনে ষ্টেচনে ৰখাই থোৱা হৈছে ।আনহাতে মাজনিশা সংঘটিত হোৱা আইইডি বিস্ফোৰণৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় শীৰ্ষ আৰক্ষী বিষয়া সহ জ্যেষ্ঠ ৰে’ল বিষয়া ৷ ইতিমধ্যে যুদ্ধকালীত তৎপৰতাৰে ৰে’ল বিভাগৰ লোকে ৰে’ল লাইনটো মেৰামতি অব্যাহত ৰাখিছে ৷ আজি বিয়লি ভাগৰ ভিতৰত ৰে’ল পথেৰে ৰে’ল চলাচলৰ আশা কৰিছে এনএফ ৰে’লৱে
ADVERTISEMENT




































