Theft:
চোৰ কৰিলে উত্তম বিদ্যা,ধৰা পৰিলে শিলৰ খুন্দা ৷ এই আপ্তবাক্য শাৰী প্ৰযোজ্য তিনি চোৰৰ ক্ষেত্ৰত ৷ এটা ছাগলী চোৰ কৰি এখন যাত্ৰীবাহী টেম্পুত উঠাই লৈ গৈছিল তিনিটা চোৰে। পিছত ৰাইজে গম পাই হাতেলোতে ধৰে টেম্পু সহ তিনি চোৰক ৷ হাত বান্ধি তিনি চোৰক উত্তৰ মাধ্যম সোধাই ৰাইজে ৷ অৱশ্যে পিছত ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীক গতাই দিয়ে গভাইত চোৰ কেইটাক ৷ এই ঘটনাৰ স্থান নগাঁও জিলাৰ কামপুৰৰ ভলভলীয়া গাঁৱত ৷ চোৰ তিনিটা হ’ল দীপ দাস,নৱজ্যোতি বৰা আৰু দীপমনি বৰা । তিনিওৰে ঘৰ নগাঁও চহৰৰ পাশ্বৱৰ্তী শেনচোৱাত ৷

ADVERTISEMENT




































