Cholesterol:✒️ক’লেষ্টেৰল হ্রাস কৰিবলৈ আপুনি কমকৈ ভজা খাদ্য খোৱা, ফাষ্ট ফুড পৰিহাৰ কৰা, নিয়মিত ব্যায়াম কৰা আদি কামত গুরুত্ব দিব লাগে। অধিক চর্বিযুক্ত খাদ্য খালে আপোনাৰ ক’লেষ্টেৰলৰ মাত্রা বৃদ্ধি পাব।
যদি আপুনি ব্যায়াম নকৰে বা সঠিকভাবে খাদ্য গ্রহণ নকৰে তেন্তে ক’লেষ্টেৰল বৃদ্ধি নিয়ন্ত্ৰণ কৰাটো অতি কঠিন হ’ব। আকৌ ক’লেষ্টেৰল নিয়ন্ত্রণ নকৰিলে হৃদৰোগৰ সম্ভাৱনা বাঢ়ি যায়। কিন্তু সঁচাকৈয়ে ক’লেষ্টেৰল নিয়ন্ত্ৰণ কৰাটো ইমান কঠিন নেকি?
চিকিৎসকৰ মতে সঠিক জীৱনশৈলী পালন আৰু ঔষধ সেৱন কৰিলে বেয়া ক’লেষ্টেৰলৰ মাত্রা হ্রাস কৰিব পাৰি। ক’লেষ্টেৰল হ্রাস কৰিবলৈ আপুনি কমকৈ ভজা খাদ্য খোৱা, ফাষ্ট ফুড পৰিহাৰ কৰা, নিয়মিত ব্যায়াম কৰা আদিত গুৰুত্ব দিব লাগে। কিন্তু কোনবোৰ খাদ্য খাব লাগে জানেনে?
আঁহ
প্রতিদিনে পাঁচৰ পৰা ১০ গ্রাম দ্রবণীয় আঁহ সেৱন কৰিলে ক’লেষ্টেৰল নিয়ন্ত্রণত থাকে। ক’লেষ্টেৰলৰ উপৰিও ফাইবাৰে তেজৰ চেনিৰ মাত্রা নিয়ন্ত্ৰণ কৰা, অস্ত্ৰৰ স্বাস্থ্য বজাই ৰখা, ওজন কমোৱাতো সহায় কৰে। আৰু আঁহৰ সমৃদ্ধ উৎস হ’ল শস্য যেনে অট, বাজৰা, ৰাগী আৰু সকলো ধৰণৰ শাক-পাচলি।
ওমেগা-৩ ফেটি এচিড
চর্বি মানে বেয়া বুলি ধৰি লোৱাৰ কোনো কাৰণ নাই। আপোনাৰ হৃদযন্ত্র সুস্থ কৰি ৰাখিবলৈ আপুনি খাদ্যত স্বাস্থ্যকৰ চৰ্বিও অন্তর্ভুক্ত কৰিব লাগিব। গতিকে, ওমেগা-৩ ফেটি এচিডযুক্ত খাদ্য আপোনাৰ খাদ্য তালিকাত ৰাখক। ওমেগা-৩ ফেটি এচিডে বেয়া ক’লেষ্টেৰল আৰু ট্রাইগ্লিচাৰাইডৰ মাত্রা হ্রাস কৰাত সহায় কৰে আৰু হৃদৰোগৰ সম্ভাৱনা হ্রাস কৰে। দৈনন্দিন খাদ্য তালিকাত সাগৰীয় মাছ অন্তর্ভুক্ত কৰিব পাৰে। ইয়াৰ বাহিৰেও আখৰোট আৰু চিয়া গুটি খাব পাৰে।
আলমণ্ড
প্রতিদিনে এমুঠিমান আখৰোট আৰু আলমণ্ড খালে আপোনাৰ ক’লেষ্টেৰলৰ মাত্রা নিয়ন্ত্রণত থাকিব। আখৰোট আৰু আলমণ্ডত স্বাস্থ্যকৰ চৰ্বি, আঁহ আৰু উদ্ভিদ স্টেবল থাকে, যিবোৰে একেলগে ক’লেষ্টেৰলৰ মাত্রা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ইয়াৰ উপৰিও আলমণ্ডত ভিটামিন ই আৰু এন্টিঅক্সিডেন্ট থাকে, যিয়ে আপোনাৰ হৃদযন্ত্র সুস্থ কৰি ৰাখে। গতিকে, দৈনন্দিন খাদ্যত আখৰোট আৰু আলমণ্ড অন্তর্ভুক্ত কৰক।
উদ্ভিদ ষ্টেৰল আৰু স্টেনল
উদ্ভিদৰ ষ্টেৰল আৰু স্টেনল হৈছে উদ্ভিদত পোৱা প্রাকৃতিক যৌগ যিয়ে ‘বেয়া’ বা এল ডি এল ক’লেষ্টেৰল হ্রাস কৰাত সহায় কৰে। দৈনন্দিন খাদ্য তালিকাত এই দুটা যৌগ থকা খাদ্য অন্তর্ভুক্ত কৰক। উদ্ভিদজাত তেল, শস্য, দালি আৰু শাক-পাচলিত এই উপাদানসমূহ সহজেই বিচাৰি পাব পাবে।






























