Diwali:✒️এইবাৰৰ দীপাৱলীৰ বজাৰৰ বিক্রীয়ে চলিত কত অভিলেখ স্থাপন কৰিলে। ব্যৱসায়ীসকলৰ ৰাষ্ট্রীয় সংস্থা কনফেডাৰেছন অফ অল ইন্ডিয়া ট্রেডার্থ (চিএআইটি)য়ে দাবী কৰা অনুসৰি, সামগ্রী আৰু সেৱা কৰ (জিএছটি) তথা স্থানীয় সামগ্ৰীৰ প্ৰতি সৃষ্টি হোৱা চাহিদাৰ ফলতে ভাৰতৰ বাণিজ্যিক ইতিহাসত বিক্রীয়ে সর্বোচ্চ পৰিমাণ স্পর্শ কৰিছে।
চলিত বর্ষত অভিলেখকাৰী এই পৰিসংখ্যা হৈছে ৬.০৫ লাখ কোটি। চলিত বৰ্ষৰ এই দীপাৱলীৰ বিক্ৰী বিগত বৰ্ষতকৈ ২৫ শতাংশ অধিক হয়। ইয়াৰে সামগ্ৰীৰ বাবদ ৫.৪ লাখ কোটি আৰু সেৱাৰ ক্ষেত্ৰত ৬৫ হেজাৰ কোটি আছিল বিক্রী।
সংস্থাটোৰ মতে, ২০২৫ত মুঠ বাণিজ্যৰ ৮৫ শতাংশই আহিছে ক্ষুদ্র ব্যবসায়ী আৰু অফলাইন বজাৰ অৰ্থাৎ দোকান-পোহাৰৰ পৰা। ইয়াৰ ফলত বিগত সময়ছোৱাত অনলাইন বাণিজ্য আৰু দ্রুত বাণিজ্যৰ উত্থানৰ ফলত গতি স্তিমিত হোৱা পৰম্পৰা বাণিজ্যৰ পুনৰ উভতনি যাত্ৰা আৰম্ভ হোৱা বুলি কোৱা হৈছে।
এই মর্মে মুঠ বাণিজ্যৰ ২৮ শতাংশই অংশীদাৰ দেশৰ আৰু মফচলীয় অঞ্চলসমূহ। মহানগৰীসমূহৰ বাহিৰতো গভীৰ অৰ্থনৈতিক অংশীদাৰিত্বৰ ছবিখন ফুটি উঠিছে বুলি সংস্থাটোৱে কয়।
চিএআইটিৰ মহাসচিব প্রবীণ খান্দেলৱালে কয়, ‘প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ‘ভোকেল ফল লোকেল’ আৰু স্বদেশী দেৱালীয়ে গভীৰভাৱে ৰাইজৰ মাজত অনুৰণন তুলিছে। ফলত ৮৭ শতাংশ ভাৰতীয়ই আমদানিকৃত সামগ্ৰীৰ পৰিৱৰ্তে স্থানীয়ভাৱে ভাৰতত নির্মীত সামগ্ৰীৰ প্ৰতি আকর্ষিত হৈছে।’
তেওঁ দাবী কৰে যে খুচুৰা ব্যৱসায়ীৰ উপৰি সেৱা খণ্ডৰ যেনে পেকেজিং, আতিথ্য, কেব সেৱা, ভ্রমণ, ইভেন্ট মেনেজমেন্ট, ৰভা আৰু সাজসজ্জা তথা মানৱ শক্তিৰ লগতে ডেলেভাৰী সেৱাৰ উন্নয়ন ঘটিছে চলিত বৰ্ষতে। উৎসৱৰ বতৰত বিভিন্ন খণ্ডত অর্থনৈতিক উত্থানৰ বুৰবুৰণি দেখা গৈছে বুলি তেওঁ কয়। খান্দেলৱালে দাবী কৰা অনুসৰি, এই উৎসৱৰ বতৰত বিভিন্ন খণ্ড যেনে লজিস্টিক, পেকেজিং, পৰিবহণ আৰু খুচুৰা সেৱা খণ্ড প্রায় ৫০ লাখ নিয়োজনৰ সৃষ্টি হৈছে।
এনে খণ্ডসমূহৰ ভিতৰত সৰ্বাধিক অংশীদাৰ হৈছে দ্রুতগতিৰ গ্রাহক সামগ্রী (এফএমচিজি)ব। এফএমচিজিৰ সিংহভাগ অংশীদাৰিত্বৰ পৰিমাণ ১২ শতাংশ আৰু ইয়াৰ পাছতে আছে সোণ আৰু অলংকাৰ, গৃহসজ্জা, আচবাব পত্র (প্রত্যেকৰে ১০ শতাংশ), ইলেক্ট্রনিকছ আৰু ইলেকট্রিকেলছ (আঠ শতাংশ), ৰেডিমেড পোছাক আৰু উপহাৰ সামগ্ৰীৰ ক্ষেত্রত সাত শতাংশকৈ। অন্যান্য খণ্ডসমূহৰ ভিতৰত আছে মিঠা আৰু নিমখীয়া খাদ্য সামগ্রী (পাঁচ শতাংশ), বস্ত্র (চাৰি শতাংশ) আৰু পূজাৰ সামগ্রী, ফল-মূল, বেকাৰীত বনোৱা খাদ্যৰ ক্ষেত্ৰত তিনি শতাংশ আৰু জোতা-ছেণ্ডেলৰ ক্ষেত্ৰত দুই শতাংশ অংশীদাৰিত্বৰ তথ্য সদৰী কৰে সংস্থাটোৱে।
ৰাষ্ট্ৰজুৰি ছটা বিতৰণ কেন্দ্ৰৰ ওপৰত জৰীপ কৰি এই তথ্য যুগুতোরা হৈছে। এই মর্মে ৭২ শতাংশ ব্যৱসায়ীয়ে কয় যে দীপাৱলীৰ সময়ত সামগ্রী বিক্ৰী বৃদ্ধি হোৱাৰ কাৰণটো হৈছে দৈনন্দিন ব্যবহৃত সামগ্ৰীৰ ক্ষেত্ৰত জিএছটিৰ পৰিমাণ হ্রাস। চলিত বর্ষত এই উৎসৱৰ সময়ছোৱাত ব্যৱসায়ী আৰু গ্ৰাহকৰ মনোবল বৃদ্ধি পায় বুলিও সংস্থাটোৱে কয়।






























