Tamil Nadu:✒️উফ! ৰক্ষা! কোনো মতে ফাইনেল পৰীক্ষা শেষ হ’ল। এইদৰে বহুতে শিক্ষা জীৱনৰ সমাপ্তিৰে সকাহৰ নিশ্বাস পেলায়। সাধাৰণতে শৈক্ষিক জীৱনৰ অন্ত পৰে এটা বা দুটা ডিগ্রী আহৰণ কৰিয়ে। কিন্তু চেন্নাইৰ অধ্যাপক ড° ভি এন পাৰ্থিৱনৰ ক্ষেত্ৰত এই কথাটো একেবাৰে সুকীয়া।
এই অসাধাৰণ ব্যক্তিজনৰ বাবে শিক্ষা কেৱল এক লক্ষ্যপ্রাপ্তি নহয়, ই হৈছে জীৱনৰে সম্পূর্ণ যাত্রা। এই অধ্যাপকজনৰ কাহিনী এতিয়া বিশেষ স্বকীয়তা বহন কৰিছে। চলচ্চিত্রত প্রায়ে দেখা নায়কলৈ মনত পৰিব তেওঁৰ কাহিনী শুনিলে। তেওঁক মৰমতে জ্ঞানৰ এক জীৱন্ত গ্রন্থাগাৰ বুলিও কোৱা হয়। কি তেওঁৰ এই অসাধাৰণ যাত্ৰা আৰু কিহৰ বাবে।
অধ্যাপক পাৰ্থিৱনৰ অসাধাৰণ যাত্ৰা আৰম্ভ হৈছিল মাতৃক দিয়া এটা সাধাৰণ অথচ শক্তিশালী প্রতিজ্ঞাৰে। জীৱনৰ প্ৰথমটো ডিগ্রী আহৰণ কৰোতে কোনোমতেহে পৰীক্ষাত উত্তীর্ণ হৈছিল পার্থিরন। তেওঁ লাভ কৰা নম্বৰ দেখি গভীৰভাৱে ব্যথিত হৈছিল মাতৃ।
মাতৃৰ এই বেথাভৰা মুহূৰ্তই তেওঁৰ ভিতৰত জ্বলালে একুৰা জুই। তেওঁ প্রতিজ্ঞাবদ্ধ হ’ল যে পৰীক্ষা কেৱল উত্তীৰ্ণ হোৱাৰ বাবে নহয়, উৎকর্ষ আহৰণৰ বাবে। তেওঁ এদিন শীর্ষস্থানত থকা ছাত্রসকলৰ এজন হ’ব আৰু মাতৃক গর্বিত কৰিব। এই এটা মাত্র প্রতিজ্ঞাই যথেষ্ট আছিল। মাতৃৰ প্ৰতি থকা তেওঁৰ শ্রদ্ধা-স্নেহেই বিগত চাৰি দশকৰ অধিককাল জুৰি অধ্যাপকজনক প্রজ্জ্বলিত কৰি ৰাখিছে।
১৯৮১ৰ পৰা তেওঁ অধ্যয়নৰ যাত্রা স্তব্ধ কৰা নাই। এই অধ্যাপকজনৰ বিদ্যায়তনিক কৃতিত্ব বিস্ময়কৰ। তেওঁ ডেৰশতকৈ অধিক ডিগ্ৰী আৰু ডিপ্ল’মা আহৰণ কৰিছে। অর্থনীতি, ৰাজহুৱা প্রশাসন, ৰাজনৈতিক বিজ্ঞান আৰু আইনত তেওঁ একাধিক ডিগ্রী অৰ্জন কৰিছে।
তেওঁ ১২টা এম ফিল ডিগ্ৰীৰে ঘোষিত হৈছে আৰু চতুৰ্থবাৰৰ বাবে পিএইছডি কৰি আছে। অদমনীয় উৎসাহৰ বাবে এই বৃহৎ সাফল্য অর্জন কৰিছে পাৰ্থিৱনে। তেওঁৰ দৰমহা ৯০ শতাংশই ব্যয় কৰে শিক্ষাৰ বাবে।ইয়াৰ ভিতৰত আছে বিশ্ববিদ্যালয়ৰ মাচুল, কিতাপ আৰু শিক্ষণ সামগ্রী আদি।
তেওঁৰ দৈনন্দিন জীৱনো শৃংখলাৰ এক বিস্ময়কৰ উদাহৰণ। পুৱাৰে পৰা নিশা পর্যন্ত বিভিন্ন শৈক্ষিক প্রতিষ্ঠানত তেওঁ অধ্যাপনা কৰে। ইয়াৰ মাজত থকা প্রতিটো অৱসৰৰ মুহূৰ্ত নিজৰ অধ্যয়নত ব্যয় কৰে। কিন্তু দিনটো বুৰ যায় কিতাপৰ মাজত। এটা সাক্ষাৎকাৰত তেওঁ কৈছে যে সীমাৰ পৰিধি কেৱল মনৰ ভিতৰত থকা এটা বিষয়।






























