East Zone Atheletics :
দেশৰ বিভিন্ন প্ৰান্তৰত অনুষ্ঠিত ক্ৰীড়া প্ৰতিযোগিতাত বিজয়ৰ ধাৰা অব্যাহত ৰাখিছে অসমৰ খেলুৱৈয়ে । ক্ৰীড়া ক্ষেত্ৰত চমকপদ সফলতা অৰ্জন কৰি অসমৰ খেলুৱৈয়ে বিশ্বত দেশৰ নাম উজলাবলৈ সক্ষম হৈছে। ইয়াৰ মাজতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ইষ্ট জন এথেলেকটিছত সোণৰ পদকেৰে অসমলৈ গৌৰৱ কঢ়িয়ালে ডিব্ৰুগড় জিলাৰ খোৱাং সমষ্টিৰ বেজপথাৰ গাঁৱৰ জ্যোতিষ্মান বৰুৱাই ।
জ্যোতিষ্মান বৰুৱাই শেহতীয়াকৈ ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত অনুষ্ঠিত ৩৬ সংখ্যক ইষ্ট জ’ন এথেলেকটিছ চেম্পিয়নশ্বিপ ২০২৫ ত অসমৰ হৈ প্ৰতিনিধিত্ব কৰিছিল । তেওঁ লং জাম্পত বিশ বছৰ অনুৰ্ধ্ব শাখাত অংশ লৈ মুঠ ৭.০৯ মিটাৰ জপিয়াই সোণক পদক আজুৰি আনে। বেজপথাৰ গাঁৱৰ জীতেন বৰুৱা আৰু অজন্তা বৰুৱাৰ পুত্ৰ জ্যোতিষ্মান বৰুৱা ডিমৌ জুনিয়ৰ কলেজৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ । এখন অতি ভিতৰুৱা গাঁৱৰ পৰা অসমৰ হৈ প্ৰতিনিধিত্ব কৰা জ্যোতিষ্মান বৰুৱাক বিভিন্ন সংগঠন আৰু ব্যক্তিয়ে সম্বৰ্ধনা জনাইছে ।
ইয়াৰ মাজতে ডিব্ৰুগড় জিলা কংগ্ৰেছ দলৰ উপ-সভাপতি তথা যুৱনেতা বিজু দুৱৰাই খেলুৱৈজনৰ বাসগৃহত গৈ সম্বৰ্ধনা জনায় । ফুলাম গামোচা, জাপি আৰু শৰাইৰে উদীয়মান খেলুৱৈ গৰাকীক সম্বৰ্ধনা জনাই ক্ৰীড়া ক্ষেত্ৰত আগবাঢ়ি যোৱাত সকলো ধৰণৰ সহযোগীতা কৰাৰ আশ্বাস প্ৰদান কৰে কংগ্ৰেছ নেতা গৰাকীয়ে। আনহাতে পিঠিত ভাৰত লিখি খেলাৰ সপোন লৈ অনুশীলন অব্যাহত ৰখাৰ কথা জানিবলৈ দিয়ে জ্যোতিষ্মানে । জ্যোতিষ্মানৰ এই সপোন সাৰ্থক হওক তাৰে কামনা কৰিছে সকলোৱে ।




































