Silchar :
বৃহস্পতিবাৰে নিশা ৩০৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নৰসিংপুৰ পাৰ্ট ১ অঞ্চলৰ অনিছা হোটেলৰ সন্মুখত ১৪৭ চি আৰ পি এফ বেটেলিয়ন আৰু সোণাই আৰক্ষীয়ে অৰ্তকিতে চলোৱা যৌথ অভিযানত বিপুল পৰিমাণৰ অবৈধ কফ চিৰাপ (ফেনচিডাইল) জব্দ কৰিবলৈ সক্ষম হয় ৷
গোপন তথ্যৰ ভিত্তিত এএছ১১-চিচি-০৯৮০ নম্বৰৰ এখন অটোৰিক্সাখনৰ পৰা জব্দ হয় তিনি কাৰ্টুন ফেনচিডাইল চিৰাপ। আৰক্ষীয়ে আটক কৰে৷ ধৃত অটো চালকজনৰ নাম নাজমুল ইছলাম চৌধুৰী ৷
উল্লেখ্য যে বৰাক উপত্যকাত শেহতীয়াকৈ গা কৰি উঠা অবৈধ ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে কঠোৰস্থিতি গ্ৰহণ কৰিছে কাছাৰ আৰক্ষী ৷ আনহাতে সময়ে সময়ে আৰক্ষী অভিযান চলে যদিও এই চোৰাং ব্যৱসায় একেবাৰে বন্ধ হোৱা নাই। ড্ৰাগছৰ প্ৰকোপ বৃদ্ধি পোৱাত উদ্বিগ্ন হৈ পৰিছে বৰাকবাসী ৰাইজ ৷




































