Bajali:
গুজৰাটত অসমৰ যুৱকৰ মৃত্যু ৷ ভাৰত- পাক সীমান্তত বিএছএফত কৰ্মৰত বজালীৰ জোৱান ৰাতুল বায়নৰ মৃত্যু হয়। গান্ধীনগৰৰ ১৩৭ নং বেটেলিয়ন শিৱিৰত কৰ্তব্যৰত অৱস্থাত অসুস্থ হৈ পৰা বায়নক ভৰ্তি কৰা হয় চিকিৎসালয়ত ৷ কিন্ত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে জোৱানজনে ৷ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছতে শোকাহত হৈ পৰে ৰাতুল বায়নৰ বজালীৰ গেৰুৱাপাৰাৰ ঘৰ খন ৷ শোকস্তব্ধ হৈ পৰে সমগ্ৰ গেৰুৱাপাৰা অঞ্চলটো ৷ আজি বিয়লি স্ব-গৃহ আহি পাবহি জোৱানজনৰ নশ্বৰদেহ।
ইতিমধ্যে গেৰুৱাপাৰাত উপস্থিত হয় বজালী জিলা প্ৰশাসনৰ লোক ৷ ৰাতুল বায়নৰ পাৰ্থিৱ শৰীৰ নিজ গৃহ পোৱাৰ পিছতে সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব ৷
ADVERTISEMENT




































