Zubeen Garg’s Roi Roi Binale: মুক্তিৰ পূৰ্বেই অভিলেখ জুবিন গাৰ্গৰ মানস পুত্ৰ ‘ৰৈ ৰৈ বিনালে

যোৰহাটৰ চিনেমা হলত কেৱল চলিব ৰৈ ৰৈ বিনালে, ৰাজ্যৰ প্ৰায়বোৰ চিনেমা হলত টিকটৰ বুকিঙ আৰম্ভৰ কিছু সময়ৰ ভিতৰতে আটাইকেইটা শ্ব' হাউছফুল, পুৱা ৬ বজাৰ পৰা টিকট ক্ৰয়ৰ বাবে শাৰী পাতিলে জুবিন অনুৰাগীয়ে

rai 1

Zubeen Garg’s Roi Roi Binale:

মুক্তিৰ পূৰ্বে অভিলেখ জুবিন গাৰ্গৰ মানস পুত্ৰ ‘ৰৈ ৰৈ বিনালে ৷ গুৱাহাটী সহ ৰাজ্যৰ প্ৰায়বোৰ হলত পুৱাৰে পৰা টিকট ক্ৰয়ৰ বাবে শাৰী পাতিলে জুবিন অনুৰাগীয়ে ৷ যোৰহাটৰ চিনেমা হলত অন্য চিনেমা সমূহৰ দৰ্শনী বাতিল কৰি কেৱল চলিব ৰৈ ৰৈ বিনালে ৷ ৰাজ্যৰ প্ৰায়বোৰ চিনেমা হলত টিকটৰ বুকিঙ আৰম্ভৰ কিছু সময়ৰ ভিতৰতে আটাইকেইটা শ্ব’হাউছফুলৰ খবৰ আহিছে ।
আনহাতে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জুবিন গাৰ্গৰ অন্তিম ছবি ‘ৰৈ ৰৈ বিনালে’ দক্ষিণৰ জনপ্ৰিয় ছবি’কানতাৰা’কো চেৰ পেলালে ৷ ইপিনে মুম্বাইত বর্তমান যুদ্ধকালীন ব্যস্ততা টিম ‘ৰৈ ৰৈ বিনালে’ৰ ৷
উল্লেখ্য যে,অসমৰ প্ৰতিটো চিনেমা হলৰ উপৰিও চুবুৰীয়া ৰাজ্য মণিপুৰ,অৰুণাচল আৰু মেঘালয় আৰু মণিপুৰত মুক্তি লাভ কৰিব ‘ৰৈ ৰৈ বিনালে ৷ একেদৰে কলকাতা,মুম্বাই,কলকাতা সহ দক্ষিণতো মুক্তিৰ দিয়াৰ প্ৰস্তুতি চলাইছে টিম ‘ৰৈ ৰৈ বিনালে’ ৷
শেহতীয়া খবৰ অনুসৰি অসমৰ পৰিধি অতিক্ৰম কৰি দহ খন দেশটো মুক্তি দিয়াৰ পৰিকল্পনা ৰৈ বিনালে’ৰ প্ৰযোজনা গোষ্ঠীৰ ৷ উল্লেখ্য যে আজিয়ে মুক্তি লাভ কৰিব ৰৈ ৰৈ বিনালে ৷
Exit mobile version