অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ নোহোৱা আজি প্ৰায় ডেৰ মাহে হ’ল।আজিও যেন অসমবাসীয়ে মানি ল’ব পৰা নাই প্ৰাণৰ শিল্পীগৰাকীৰ অনুপস্থিতি। প্ৰতিটো মুহূৰ্ততে সকলোৱে সুঁৱৰিছে মৰমৰ জুবিনক। আজিও জুবিন ক্ষেত্ৰত জুবিন অনুৰাগীৰ ভিৰ।
এতিয়া সকলো কেৱল মাথোঁ জুবিন গাৰ্গৰ ন্যায়ৰ অপেক্ষাত ।ইয়াৰ মাজতে ৩১ অক্টোবৰত অসমৰ ছবিগৃহলৈ আহি আছে প্ৰাণৰ শিল্পীগৰাকীৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’। মুক্তিৰ পূৰ্বে ইতিমধ্যেই ছবিখনে ধুমুহাৰ সৃষ্টি কৰিছে।
উল্লেখ্য যে সামাজিক মাধ্যমত অব্যাহত আছে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ডিজিটেল আন্দোলন। ছবিখনৰ মুক্তিৰ পুৰ্বেই সামাজিক মাধ্যমত পুনৰ জুবিনৰ গৰিমাৰ আৱেগিক পোষ্ট ।
তেওঁ লিখিছে, “তুমি চাগে বহুত ব্যস্ত নহয়নে ? তোমাৰ সপোনৰ ছবিখন মুক্তি দিব লাগে .. শেষ পৰ্য্যায়ৰ কাম সকলো নিৰীক্ষণ কৰিব লাগে, বেকগ্ৰাউণ্ড মিউজিকৰ কামটোত যে সন্তুষ্টি নাহেই,,release plan চাব লাগে.. এইবাৰ নতুন কেইখনমান চহৰ পাৰিলে যোগ দিব লাগিব,অসমীয়া চিনেমাৰ পৰিসৰ তেতিয়াহে বাঢ়িব! কিবা নহয় কিবা এটাতো প্ৰতিখন চিনেমাত বঢ়াই নিব লাগিব !”
আকৌ লিখিছে, “উফ্, ৰক্ষাই পোৱা নাই চাগে ! সেইকাৰণে এটাও ফোন নাই ইমান দিনে,, দৌৰা দৌৰিৰ কোবত লগ দিয়াটোতো সম্ভৱেই হোৱা নাই । একো নাই মই বুজি পাওঁ নহয় ! আৰু “মিশ্যন চাইনা” ৰিলীজৰ আগত অকণমানি লʼৰা এটাই কন্দাৰ দৰে চিন্তাতে ফেকুৰি ফেকুৰি নাকান্দিবা আকৌ এইবাৰ দেই .. ” মানুহে আশা কৰাৰ দৰে যদি মই দিব নোৱাৰো কি হʼব ?ʼ কি বোৰ যে চিন্তা কৰা তুমি! ”
পোষ্টটোত গৰিমাই উল্লেখ কৰিছে, “মই বাৰু সদায়ে আছো,, বুকুত আলফুলে সাৱটি লৈ শুৱাই দিবলৈ.. তথাপি, ধুনীয়াকৈ সঁচা মনেৰে কষ্ট কৰি কৰা ভাল কাম এটি ৰাইজে ভাল পাবই ! কিন্তু ইমানদিন যে পাৰ হৈ গʼল তোমাক নেদেখাকৈ, মাত এটা নুশুনাকৈ, খবৰ এটা লʼব নোৱাৰাকৈ.. বৰকৈ মনত পৰি আছে অ’ গ’ল্ডী ! বহুত miss কৰিছোঁ তোমাক। এটা এটা মূহুৰ্ত কেনেকৈ পাৰ হৈছে , ক’ব নোৱাৰো একো ! মই আছোনে নাই নিজেই বুজি পোৱা নাই ।”
