Lachitsena Pressmeet:
এজন লোকক অপহৰণ কৰি মুক্তিপণ হিচাপে ২২ লক্ষাধিক ধন দাবী কৰি ইতিমধ্যে দিছপুৰ আৰক্ষীৰ জালত পৰা আঠজন বীৰ লাচিত সেনাৰ সদস্য সন্দৰ্ভত আজি এক সংবাদমেল সম্বোধন কৰে লাচিত সেনাৰ সেনাধ্যক্ষ অমৰ বৰুৱাই ৷
সংবাদমেলত বৰুৱাই কয় যে বীৰ লাচিত সেনা আৰু লাচিত সেনা দুটা সুকীয়া সংগঠন ৷ বীৰ লাচিত সেনাই শেহতীয়াকৈ সংঘটিত কৰা কেতবোৰ কৰ্মকাণ্ডক লৈ ৰাজ্যৰ সচেতন মহলে ক্ষোভ প্ৰকাশ কৰিছে ৷ এই সংগঠনৰ সদস্যই শেহতীয়াকৈ ধনদাবী, অপহৰণৰ দৰে কাৰ্য কৰি কাৰ্যত মহান নায়ক গৰাকীক অপমানিত কৰিছে ৷
দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আঠজন বীৰ লাচিত সেনাৰ সদস্য সম্পৰ্কে নিজৰ প্ৰতিক্ৰিয়াত মুখ্যমন্ত্ৰীয়ে বীৰ লাচিত সেনা নিষিদ্ধ হ’ব পাৰে বুলি যি ইংগিত দিছে তাক আদৰণি জনাব বুলি কয় লাচিত সেনাৰ সেনাধ্যক্ষ গৰাকীয়ে ৷




































