Wild Elephant Attack in Rongapara:
শীতৰ আগমনৰ লগে লগে খাদ্যৰ সন্ধানত অৰণ্যৰ পৰা জনাঞ্চললৈ অহা বন্যহস্তীৰ জাকে ত্ৰাহিমধুসূদন দেখুৱাইছে শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ কেতবোৰ অঞ্চল ৷ বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত থকাৰ মাজতে যোৱা নিশা সংঘটিত হয় এক শোকাৱহ ঘটনা ৷ ২ নং কলাবিল গাঁৱত বিচৰণ কৰা হাতীৰ আক্ৰমণত থিতাতে কৰুণ মৃত্যুক সাৱটি লয় সুজিত পূর্তি নামৰ লোকজনে ৷
ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ।
ADVERTISEMENT




































