Instagram:✒️আজি ডিজিটেল চুটি ভিডিঅ’ কন্টেন্ট দ্রুতগতিত বৃদ্ধি পাইছে। ইউটিউব শ্বর্টছ হওক বা ইনস্টাগ্রাম ৰিল হওক, দুয়োটা প্লেটফৰ্মৰ সৃষ্টিকর্তাই নিজৰ পৰিচয় প্রতিষ্ঠা কৰি ভাল উপাৰ্জন কৰিছে। কিন্তু প্রশ্ন হয় কোনটো প্লেটফর্মে আপোনাক বেছি ধন দিব পাৰে।
ইউটিউব শ্বর্টছ: এটা দীর্ঘম্যাদী উপাৰ্জনৰ বিকল্প ২৯২১ত গুগলে আৰম্ভ কৰা ইউটিউব শ্বর্টছ এতিয়া ১০০ খনতকৈও অধিক দেশত সক্রিয় হৈ আছে। ইউটিউবে শর্টছ ফাণ্ড আৰু পাছলৈ ৰেভিনিউ শ্বেয়াৰিং মডেলৰ প্ৰৱৰ্তন কৰে, য’ত সৃষ্টিকর্তাসকলে বিজ্ঞাপনৰ ৰাজহ পোনপটীয়াকৈ ভাগ-বতৰা কৰিব পাৰে।
যেতিয়া আপোনাৰ শৰ্টছ ভিডিঅ’ৰ মাজত বিজ্ঞাপন চলি থাকে, তেতিয়া উপাৰ্জনৰ প্রায় ৪৫ শতাংশ সৃষ্টিকৰ্তাৰ হাতলৈ যায়। যদি আপোনাৰ ভিডিঅ’বোৰ ভাইৰেল হয় আৰু লাখ লাখ ভিউয়াৰশ্বিপ থাকে তেন্তে প্রতিমাহে ১০,০০০ৰ পৰা ১২ লাখ টকাৰ ভিতৰত উপাৰ্জন কৰা সম্ভৱ।
ইয়াৰ উপৰি ইউটিউবৰ মণিটাইজেছনৰ প্ৰগ্রেমে ছুপাৰ থেংকছ, মেম্বাবশ্বিপ আৰু ব্ৰেণ্ড ডিলৰ জৰিয়তে অতিৰিক্ত ৰাজহ প্রদান কৰে। গুৰুত্বপূৰ্ণ কথাটো হ’ল, ইউটিউব শর্টছে অধিক দীর্ঘম্যাদী উপাৰ্জনৰ সুযোগ প্রদান কৰে। ইয়াৰ কাৰণ হৈছে ইয়াৰ শক্তিশালী বিজ্ঞাপন ব্যৱস্থা আৰু বিষয়বস্তু আৱিষ্কাৰ ব্যৱস্থা।
ইনস্টাগ্রাম ৰিল: উপার্জন খ্যাতি আৰু ব্ৰেণ্ড প্ৰচাৰৰ ওপৰত নিৰ্ভৰ কৰে
যুৱক-যুৱতীসকলৰ মাজত যথেষ্ট জনপ্রিয়তা লাভ কৰিছে ইনস্টাগ্রাম ৰিলে। ৰিলছত লাখ লাখ অনুগামী লাভ কৰাটো সহজ নহয়, কিন্তু যদি কোনো সৃষ্টিকর্তাই সফল হয়, তেন্তে তেওঁলোকে ব্ৰেণ্ড পৃষ্ঠপোষকতা আৰু প্ৰচাৰৰ জৰিয়তে যথেষ্ট উপাৰ্জন কৰিব পাৰে। ইয়াৰ পূৰ্বে মেটাই ৰিলছ বোনাছ প্রগ্রেম আৰম্ভকৰিছিল, য’ত কিছুমান দেশৰ সৃষ্টিকর্তাই ৫০,০০০ৰ পৰা তিনি লাখৰ ভিতৰত উপার্জন কৰিব পাৰিছিল। কিন্তু ভাৰতত এই বৈশিষ্ট্য এতিয়া সক্রিয় নহয়। ভাৰতত ৰিলৰ পৰা উপাৰ্জন মূলত: ব্ৰেণ্ড ডিল আৰু এফিলিয়েট মার্কেটিঙৰ ওপৰত নিৰ্ভৰশীল। অর্থাৎ ইনস্টাগ্রামত উপাৰ্জন আপোনাৰ অনুসৰণকাৰীৰ সংখ্যা আৰু এংগেজমেণ্টৰ ওপৰত নিৰ্ভৰ কৰে, আনহাতে, ইউটিউবত উপার্জন পোনপটীয়াকৈ ভিউ আৰু বিজ্ঞাপনৰ স’তে জড়িত।
কোনটো প্লেটফর্ম ভাল
যদি আপুনি দীর্ঘম্যাদী, বহনক্ষম আয় আহৰণ কৰিব বিচৰা এজন নতুন সৃষ্টিকর্তা, তেন্তে ইউটিউব শ্বর্টছ এটা উত্তম বিকল্প। একে সময়তে যদি আপোনাৰ লক্ষ্য হৈছে দ্রুত ভাইৰেল হৈ স্বীকৃতি লাভ কৰা, তেন্তে ইনস্টাগ্রাম ৰিলে আপোনাক দ্রুত খ্যাতি কঢ়িয়াই আনিব পাৰে।
