ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ প্ৰস্তুতি চলাইছে নেকি চীনে? শেহতীয়াভাৱে ভাৰতৰ সীমান্তত চুবুৰীয়া ৰাষ্ট্ৰখনৰ সামৰিক শক্তি বর্ধনে এনে ইংগিতেই দিয়া বুলি সামৰিক বিশেষজ্ঞ তথা প্রাক্তন সেনা বিষয়াই মন্তব্য কৰিছে।
ভাৰত-চীন সীমান্তৰ দীৰ্ঘদিনীয়া সংঘাতত অধিক সাৰ-পানী যোগাই এইবাৰ চীনে বৃহৎ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিছে। অৰুণাচল প্ৰদেশৰ সমীপৰ মেকমোহন লাইন অর্থাৎ ভাৰত-চীন সীমান্তৰ ৪০ কিলোমিটাৰ উত্তৰত তিব্বতৰ লুনজে বায়ুসেনা ঘাটিত এটা নতুনকৈ বিমানৰ পার্কিং, ছার্ভিচিং, লোডিং-আনলোডিঙৰ এপ্রন বা ৰেম্প, নতুন প্রশাসনিক ব্লকৰ লগতে ৩৬ টা শক্তিশালী বিমান আশ্রয়স্থলী নিৰ্মাণ কৰিছে।
অৰুণাচল প্ৰদেশৰ টাৱাঙৰ পৰা আঠ কিলোমিটাৰ নিলগৰ লুনজেত এই মজবুত গাঁথনি নিৰ্মাণৰ ফলত চীনে আগ্রাসী ৰূপত ভাৰতৰ দিশলৈ যুঁজাৰু বিমান আৰু বিভিন্ন ধৰণৰ ড্র’ন ব্যৱস্থাবলী অস্ত্র-শস্ত্ৰৰ ভাণ্ডাৰৰ মজুত ৰাখিব পাৰিব।
অৰুণাচল প্রদেশ আৰু অসমত থকা ভাৰতীয় বায়ুসেনাবাহিনীয়ে নিজস্ব ঘাটিৰ পৰা চীনৰ যিকোনো আকাশীপথৰ ভাবুকিৰ প্ৰত্যুত্তৰৰ সময় ইয়াৰ দ্বাৰা হ্রাস হ’ব। ফলত চীনে আকাশীপথৰে আক্ৰমণ কৰিলে প্ৰত্যুত্তৰ দিবলৈ কম সময় পাব ভাৰতীয় বায়ুসেনা বাহিনীয়ে। ভাৰতীয় বায়ুসেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত মুৰব্বী মাছাল বিএছ ধানোৱাই কয়, ‘লুনজেত ৩৬ টা শক্তিশালী যুঁজাৰু বিমান ৰখা স্থান নির্মাণে স্পষ্ট ইংগিত দিয়ে যে পৰৱৰ্তী কিবা ঘটনা হ’লে তেওঁলোকৰ কৌশলী যুঁজাৰু আৰু আক্রমণকাৰী হেলিকপ্টাৰ তেওঁলোকৰ সেনাবাহিনীৰ সহায়ক হোৱাকৈ লুনজেত ৰখা হ’ব।’
তেওঁ কয় যে এই অঞ্চলৰ ভূগর্ভস্থলী টানেলত অস্ত্র-শস্ত্র আৰু ইন্ধন ইতিমধ্যে লক্ষ্য নির্ধাৰিতভাৱে ৰখা হৈছে। তেওঁ কয়, ‘২০১৭ৰ ড’কলাম কাণ্ড সময়ত মই মোৰ বাহিনীক কৈছিলো যে তিব্বতত চীনৰ পিপ’লছ লিবাৰেছন আর্মি এয়াৰ ফ’ৰ্চৰ সমস্যা বিমান নহয়, তেওঁলোকৰ সমস্যা হৈছে ইয়াক ৰখা স্থানৰ। মই তেতিয়াই পূর্বানুমান কৰিছিলো যে তিব্বতৰ বায়ুসেনা ক্ষেত্ৰত তেওঁলোকে এদিন স্থায়ী বিমান ৰখা ছাউনী নির্মাণ কৰিব আৰু সেয়া অর্থ হ’ব যে তেওঁলোকে আমাৰ বিৰুদ্ধে যুদ্ধৰ প্ৰস্তুতি চলালে তিব্বতত তেওঁলোকৰ মূল প্রত্যাহ্বান দূৰ হ’ব। এইদৰে ব্যাখ্যা কৰে প্ৰাক্তন সেনা বিষয়াই।
ৰাষ্ট্রীয় বার্তা চেনেলত প্রকাশিত এই বাতৰি অনুসৰি ভাৰতীয় বায়ুসেনা বাহিনীৰ প্ৰাক্তন উপ-মুখ্য মুৰব্বী এয়াৰ মাৰ্ছাল অনিল খোছলাই কয় যে এই নির্মাণ আৰু এইসমূহ বায়ুসেনা ক্ষেত্ৰৰ উন্নীতকৰণে চীনৰ ভৱিষ্যতৰ যুদ্ধ পৰিকল্পনাৰ অনুকূল হ’ব পাৰে আৰু ই ভাৰতৰ বাবে গুৰুতৰ প্ৰতিফলন ঘটাব পাৰে।
বিশেষকৈ সম্প্রতি অব্যাহত থকা ভূ-ৰাজনৈতিক উত্তেজনাৰ পৰিপ্ৰেক্ষিতত এই নির্মাণ অধিক উদ্বেগজনক হ’ব পাৰে। সেনা বিষয়াজনে কয় যে চীনৰ সামৰিক সামর্থ্যৰ নবীকৰণ আৰু ২০২০ৰ গালৱানত হোৱা ভাৰত-চীনৰ বাহিনীৰ সংঘৰ্ষৰ পাছত এই নবীকৰণৰ ফলতে আন্তঃগাঁথনি নিৰ্মাণৰ ধৰণে স্বাভাৱিকতে ভাৰতৰ মূৰৰ কামোৰণি বৃদ্ধি কৰিছে।
তেওঁ কয় যে লুনজেত চীনৰ সামৰিক শক্তি বর্ধনে ২০২০ৰ পৰা আৰম্ভ হোৱা ভাৰত-চীন সীমান্তৰ অচলাৱস্থা পৰিপ্ৰেক্ষিতত অঞ্চলটোৰ নিৰাপত্তালৈ গভীৰ ভাবুকি কঢ়িয়াইছে। খোছলাই কয় যে নবনির্মিত গাঁথনিয়ে ভাৰতৰ বায়ুসেনা বাহিনী অত্যাধুনিক অস্ত্র-শস্ত্ৰৰ আক্ৰমণ অথবা ক্ষেপণাস্ত্ৰ আদিৰ আক্রমণ প্রতিহত কৰিব পাৰিব। ফলত কোনো সংঘৰ্ষৰ ঘটনা হ’লে এই ঘাটি তচনচ কৰাটো অথবা নিষ্ক্রিয় কৰাটো ভাৰতীয় বাহিনীৰ বাবে বহু বেছি প্রত্যাহানমুখৰ হ’ব।
প্রকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ অর্থাৎ ৫০ৰ পৰা ১৫০ কিলোমিটাৰ অঞ্চলৰ ভিতৰত থকা বায়ুসেনা ঘাটি যেনে টিংবি, লুনজে আৰু বুৰাঙৰ পৰা আগ্রাসী ৰূপত চীনা বাহিনীক তাৎক্ষণিকভাবে নিয়োগ কৰিব পৰা যাব। ভৌগোলিকভাবে ভাৰতৰ সীমান্তৰ পৰা সামান্য নিলগত অৱস্থিত এইসমূহ অঞ্চলৰ ঘাটিক চীনে সীমান্তত উত্তেজনা হ’লে কম সময়ৰ ভিতৰতে প্ৰত্যুত্তৰ দিয়াৰ বাবে ব্যৱহাৰ কৰিব পাৰিব বুলি প্রাক্তন সেনা বিষয়াজনে কয়।
অৰুণাচল প্রদেশ, ছিকিম, উত্তৰাখণ্ড আৰু লাডাখত থকা ভাৰতীয় সামৰিক ব্যৱস্থাৱলীৰ স’তে ফেৰ মাৰিবলৈ এইসমূহ বায়ুসেনা ঘাটিয়ে চীনক সমর্থবান কৰি তুলিব।
পূৰ্বতে মাক্সাৰ বুলি নামাংকিত বর্তমান ভান্ট’ৰৰ উপস্থিতিয়ে সূচাইছে যে লুনজেৰ ভাণ্ডাৰত আছে এমুঠিমান শক্তিশালী স্বয়ংক্রিয় ড্র’ন। এই চিএইছ-৪ নামৰ স্বয়ংচালিত আকাশী বাহনখন আকাশীপথৰ যুঁজত ব্যৱহাৰ কৰিবলৈ পাৰ্গত আৰু ১৬ হেজাৰ ফুটৰ দূৰত্ব অতিক্ৰম কৰি হ্রস্ব দূৰত্বৰ ক্ষেপণাস্ত্ৰই নিক্ষেপ কৰিব পাৰে।
ফলত তিব্বত অঞ্চলৰ সুউচ্চ স্থানৰ পৰা আক্ৰমণৰ বাবে এনে অস্ত্রই লাভ কৰিব এখন অতি উপযোগী মঞ্চ। তথ্য অনুসৰি ২০২৯তহে ভাৰতে এই ড্র’নৰ ভাবুকি প্রত্যক্ষভাবে প্রতিহত কৰিব পৰাকৈ সাজু হ’ব। কিয়নো, সেই বৰ্ষতে ভাৰতৰ সেনা আৰু বায়ুসেনাৰ সেৱাত নিয়োজিত হ’ব প্রথমটো এনে যুদ্ধাস্ত্র।দুয়োটা বাহিনীয়ে আঠখনকৈ এনে ড্র’ন লাভ কৰিব।
এনে ড্র’নৰ নাম হৈছে স্কাই গার্জিয়ান, ই ছী (সাগৰ) গার্জিয়ানৰ আন এটা প্ৰকাৰ।সম্প্রতি ভাৰতৰ সেনাবাহিনী ইজৰাইলত নির্মিত কম সামর্থ্যৰ ড্ৰ’নৰ অধিকাৰী। সেয়েহে আমেৰিকাত নির্মিত ড্ৰ’নৰ আগমনৰ দ্বাৰা ভাৰতীয় বাহিনীৰ নিপুণতা বৃদ্ধি পোৱাৰ লগতে নিৰীক্ষণ আদিৰ ক্ষমতা বৃদ্ধি পাব। তদুপৰি লক্ষ্য নির্ধাৰিত ক্ষেপণাস্ত্র নিক্ষেপৰ অতিৰিক্ত শক্তি বর্ধন হ’ব। উল্লেখ্য যে ভাৰতীয় বায়ুসেনা বাহিনীৰ প্রাক্তন উপ-মুখ্য মুৰব্বী এয়াৰ মাৰ্ছাল এছ পি ধাকাৰে কয় যে চীনত নির্মিত শক্তিশালী আন্তঃগাঁথনিয়ে ভাৰতলৈ গভীৰ প্ৰত্যাহ্বান কঢ়িয়াব।
জটিল ভৌগোলিক অবস্থান, ভূখণ্ড আদিয়ে ঐতিহাসিকভাৱে ভাৰতক আকাশী অভিযানৰ ক্ষেত্ৰত কিছু সকাহ প্রদান কৰিছিল যদিও আধুনিক যুদ্ধাস্ত্র আৰু অধিক সংখ্যক বায়ুসেনা ঘাটিৰ লগতে বৃহৎ আন্তঃগাঁথনি নির্মাণে এই সুবিধা ক্রমশঃ সংকুচিত কৰিছে। ভু-বুদ্ধিমত্তা বিশেষজ্ঞ ডেমিয়েন ছাইমনে কয় যে ভাৰতৰ টাৱাং অঞ্চলৰ সন্মুখত এনে বিমান ঘাটিৰ দ্রুত নির্মাণে ঐতিহাসিকভারে সংবেদনশীল এটা অঞ্চলত বায়ুসেনা বাহিনীৰ শক্তি প্ৰসাৰৰ বেইজিঙৰ প্ৰচেষ্টাকে সূচাইছে।






























