SIR:✒️পশ্চিমবংগৰ স’তে আগন্তুক ২০২৬ত অসমত অনুষ্ঠিত হ’ব বিধানসভা নির্বাচন। বিহাৰত ভোটাৰ তালিকাৰ বিশেষ গভীৰ পুনৰীক্ষণ (এছআইআৰ) ৰ পাছত দেশজুৰি ইয়াক প্রযোজ্য কৰা হ’ব বুলি চলি থকা চৰ্চাৰ মাজতে সোমবাৰে নির্বাচন আয়োগে কৰা ঘোষণাত বাদ পৰে অসম।
২০২৬ত একে সময়তে বিধানসভা নির্বাচন অনুষ্ঠিত হ’বলগীয়া পশ্চিমবংগ, তামিলনাডু, কেৰালা আৰু পুড্ডুচেৰীত ঘোষণা কৰিলেও অসমত কালি এছআইআৰৰ সূচী ঘোষণা নকৰিলে আয়োগে। ইতিমধ্যে আয়োগে ঘোষণা কৰিছিল যে আগন্তুক বর্ষত বিধানসভা নির্বাচন সম্পন্ন হ’বলগীয়া ৰাজ্যসমূহত ভোটাৰ তালিকাৰ বিশেষ গভীৰ পুনৰীক্ষণৰ কাম আৰম্ভ হ’ব।
সেই মর্মে অসমতো হ’ব বুলি ব্যাপক চর্চা চলিছিল যদিও সোমবাৰে আয়োগে কিয় অসমৰ নাম ঘোষণা নকৰিলে তাৰ ব্যাখ্যাও আগবঢ়ায়। দেশৰ মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে জনোৱা মতে, ভাৰতৰ নাগৰিকত্ব আইনত অসমৰ বাবে পৃথক ধাৰা আছে।
তেওঁ কয়, ‘নাগৰিকত্বৰ ধাৰা অসমত দেশৰ আন অংশতকৈ পৃথক। সেয়েহে অসমৰ বাবে পৃথক পুনৰীক্ষণৰ নিৰ্দেশ জাৰি কৰা হ’ব আৰু পৃথক এছআইআৰৰ তাৰিখ ঘোষণা কৰা হ’ব।’
তদুপৰি আন এক কাৰণ ব্যাখ্যা কৰি নির্বাচন আয়ুক্তই কয়, ‘উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত অসমত নাগৰিকত্বৰ পৰীক্ষা-নিৰীক্ষা প্রায় শেষ পর্যায়ত উপনীত হৈছে। যাৰ ফলত সমগ্ৰ দেশৰ বাবে এছআইআৰ সংক্ৰান্তীয় বিবৃতি প্রকাশিত হ’লেও ই অসমত প্রযোজ্য নহয়।’
উল্লেখ্য যে বাংলাদেশৰ সীমান্তবর্তী অসমত নাগৰিকত্ব আইনৰ ধাৰা ছয়ৰ মর্মে নির্দিষ্ট নাগৰিকত্ব বিধি আছে। ১৯৬৬ৰ এক জানুৱাৰীৰ পৰা ১৯৭১ৰ ২৫ মাৰ্চৰ ভিতৰত বাংলাদেশৰ পৰা অসমত প্ৰৱেশ কৰা বাবে সকলো ক্ষেত্ৰত এই বিধি প্রযোজ্য হয়।
১৯৯৬ৰ এক জানুৱাৰীৰ পূৰ্বে যিসকলে প্রৱেশ কৰিছে তেওঁলোকক ভাৰতীয় নাগৰিকৰূপে গ্ৰহণ কৰা হয়। আনহাতে ১৯৬৬ৰ পৰা ১৯৭১ৰ ভিতৰত ভাৰতত প্ৰৱেশ কৰা সকলে উপযুক্ত পঞ্জীয়ন প্ৰক্ৰিয়াৰ জৰিয়তেহে নাগৰিকত্ব লাভ কৰিব আৰু ১৯৭১ৰ ২৫ মাৰ্চৰ পাছত ভাৰতত প্ৰৱেশ কৰা সকলক অনুপ্রৱেশকাৰী বুলি বিবেচনা কৰা হয় আৰু তেওঁলোকে নাগৰিকত্ব লাভ নকৰে।
সূত্ৰত প্রকাশ যে অসমত ভোটাৰ তালিকা পুনৰীক্ষণ প্রক্রিয়া যথেষ্ট জটিল হ’ব। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ ৰাজ্যত সৃষ্টি হোৱা বৃহৎ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত এনে চর্চা হৈছে। উল্লেখ্য যে অসম চুক্তি অনুসৰি নাগৰিকত্ব আইনত ধাৰা ৬ক সংযোজন কৰা হৈছিল। আয়োগে আজি এই কথা উল্লেখ কৰে।
ইপিনে আয়োগে ঘোষণা কৰা অনুসৰি ১২ খন ৰাজ্য ক্রমে আন্দামান নিকোবৰ, চত্তিছগড়, গোৱা, গুজৰাট, কেৰালা, লাক্ষাদ্বীপ, মধ্য প্রদেশ, পুডুচেৰী, ৰাজস্থান, তামিলনাড়ু, উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগত হ’ব এছআইআৰ। ন ডিচেম্বৰত খচৰা তালিকা প্রকাশিত হ’ব আৰু চূড়ান্ত পুনৰীক্ষিত তালিকা অহা সাত ফেব্ৰুৱাৰীত প্রকাশ পাব।






























