Road Accident in Nelee:
মৰিগাঁও জিলাৰ নেলীত ভয়ংকৰ পথ ৷শোকাৱহ পথ দুৰ্ঘটনাটোত থিতাতে মৃত্যু হয় চিকিৎসক সহ তিনিজন লোকৰ ৷ কৰুণ দুৰ্ঘটনাটো সংঘটিত সোমবাৰে নিশা ৷
জাগীৰোডৰ পৰা নগাঁও অভিমুখে দ্ৰুতগতিত গৈ থকা চাৰিচকীয়া বাহন এখনে নিয়ন্ত্ৰণ হেৰুৱাই নেলীৰ শিলচাঙৰ ২৭ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ৰেলিঙত খুন্দা মাৰে ৷ ফলত বাহনহখন পথৰ ওপৰত বাগৰি পৰে ৷ বাহন খনৰ তিনি আৰোহী ক্ৰমে ডা:কণ্ঠেশ্বৰ বৰদলৈ, মানস মহন্ত, আছিক হুছেইনৰ থিতাতে মৃত্যু হয় ৷ নিহত দুই যুৱক মানস মহন্ত, আছিক হুছেইন মৰিগাঁৱৰ মেটাৰনিটি মাল্টি স্পেচিয়েলিটি হাস্পতালৰ কৰ্মচাৰী আছিল ৷



ঘটনা সংঘটিত হোৱাৰ পিছত নিশাই দুৰ্ঘটনাস্থলীত নেলী আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও চিভিল হাস্পতাললৈ প্ৰেৰণ কৰি প্ৰাথমিক তদন্ত আৰম্ভ কৰে ৷ চিকিৎসক সহ তিনি যুৱকৰ কৰুণ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰে সমগ্ৰ মৰিগাঁৱতে ৷




































