এবছৰলৈ ভাৰতত বিনামূল্যে ব্যৱহাৰ কৰিব পাৰিব চেটজিপিটি

IMG 20251029 143624

ChatGpt:✒️এতিয়াৰে পৰা ভাৰতত সকলোৱে চেটজিপিটিত বিনামূল্যে অসীমিত চেট কৰিব পাৰিব। ইয়াৰ লগতে চেটজিপিটিত ইমেজ তৈয়াৰ আৰু আপলোডো ধন ব্যয় নকৰাকৈ কৰিব পাৰিব।

অপেন এআয়ে ভাৰতত চেটজিপিটি গ’ৰ ছাবস্ক্রিপচন প্লেন এবছৰৰ বাবে বিনামূলীয়া ঘোষণা কৰিলে। ভাৰতীয় চেটজিপিটি ব্যৱহাৰকাৰীৰ বাবে বিনামূলীয়া ছাবস্ক্রিপচনৰ সুবিধা অহা চাৰি নৱেম্বৰৰ পৰা প্ৰযোজ্য হ’ব।

বর্তমানে ভাৰতত চেটজিপিটিৰ মাহেকীয়া ছাবস্ক্রিপচন মাচুল হৈছে ৩৯৯ টকা। কিন্তু চাৰি নৱেম্বৰৰ ভাৰতীয় ব্যৱহাৰকাৰীৰ বাবে বিনামলীয়া হ’ব চেটজিপিটি। এবছৰৰ বাবে অপেন এআয়ে এই বিনামূলীয়া সুবিধা আগবঢ়াব।

অপেন এআইৰ এই সিদ্ধান্তৰ ফলত ভাৰতীয় ব্যৱহাৰকাৰীৰ বছৰি ৪,৭৮৮ টকা ৰাহি হ’ব।

Exit mobile version