GMC:
গুৱাহাটী মহানগৰীত বিভিন্ন ব্যৱসায় চলাই থকা ১২ হেজাৰ খন প্ৰতিষ্ঠানৰ নাই জিএমচিৰ অনুজ্ঞাপত্র ৷ একেদৰে সহস্ৰাধিক প্ৰতিষ্ঠানে নৱীকৰণ কৰা নাই অনুজ্ঞাপত্ৰ ৷ এনে প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ হোৱাৰ ইংগিত জিএমচিৰ ৷ অনুজ্ঞাপত্রবিহীন প্ৰতিষ্ঠানৰ বিৰুদ্ধে অচিৰেই জিএমচি-এ চলাব অভিযান। অভিযানত অনুজ্ঞাপত্র নথকা আৰু অনুজ্ঞাপত্র নৱীকৰণ নকৰা প্ৰতিষ্ঠানক বৃহৎ জৰিমনা বিহিব জিএমচি- এ ৷

উল্লেখ্য যে মহানগৰীৰ প্ৰায়বোৰ পথৰ দাঁতিত আৰু পদপথ আবদ্ধ কৰি একাংশ ব্যৱসায়ীক প্ৰতিষ্ঠানে নিজৰ ব্যৱসায় চলাই থকাৰ বিপৰীতে আহযাহ কৰাত ব্যাপক অসুবিধাৰ সন্মুখীন হয় পথচাৰী ৷ এইক্ষেত্ৰত জিএমচিয়ে সময়োচিত পদক্ষেপ লোৱাৰ কামনা কৰিছে মহানগৰীৰ সচেতন মহলে ৷ADVERTISEMENT




































