kamrup District Legal Services Authority:আইনী সাহার্য বিচাৰি হাবাথুৰি জুবিন মৃত্যু গোচৰৰ তিনি অভিযুক্তৰ পত্নী-প্ৰেয়সী

জিলা আইন সেৱা প্ৰাধিকৰণৰ কার্যালয়ত শ্যামকানু,শেখৰজ্যোতিৰ পত্নী আৰু সিদ্ধাৰ্থৰ প্ৰেয়সী

zz1o

kamrup District Legal Services Authority:

অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু গোচৰত কাৰাবন্দী হৈ থকা শ্যামকানু মহন্ত,সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীৰ জামিনৰ বাবে হাবাথূৰি খাইছে তেওঁলোকৰ পত্নী ৷

দুবাৰকৈ ন্যায়িক জিন্মাত বৰ্তমান কাৰাগাৰত থকা শ্যামকানু মহন্ত,সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীৰ হৈ উকালতি কৰিবলৈ অহা নাই কোনো অধিবক্তা ৷ কিয়নো সদৌ অসম অধিবক্তা সন্থাই জুবিন মৃত্যু গোচৰত অভিযুক্ত সকলৰ হৈ ওকালতি নকৰাৰ সিদ্ধান্ত লৈছিল ৷

যাৰবাবে আজি আইনী সাহার্য বিচাৰি শ্যামকানু মহন্তৰ পত্নী, শেখৰজ্যোতিৰ পত্নী আৰু সিদ্ধার্থ শৰ্মাৰ প্ৰেয়সীয়ে কামৰূপ মহানগৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ কার্যালয়ত উপস্থিত হয় ৷

অৱশ্যে জিলা আইন সেৱা প্ৰাধিকৰণে এই সন্দৰ্ভত কি পদক্ষেপ ল’লে জানিব পৰা হোৱা নাই ৷ সংবাদ মাধ্যমৰ কেমেৰা দেখি আঁতৰি থাকে শ্যামকানু মহন্তৰ পত্নী, শেখৰজ্যোতিৰ পত্নী আৰু সিদ্ধার্থ শৰ্মাৰ প্ৰেয়সীয়ে ৷

Exit mobile version