Urimaghat :
গোলাঘাট জিলাৰ অসম- নগালেণ্ড সীমান্তৱৰ্তী উৰিয়াম ঘাট উত্তপ্ত পৰিস্থিতি ৷ পিঠাঘাট সোণাৰিবিলৰ ৰেংমা বনাঞ্চলৰ অসম চৰকাৰৰ বন বিভাগে ৰোপণ কৰা শতাধিক গছপুলি কাটিলে নগা দুর্বৃত্তই ৷ ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় সোণাৰিবিলত ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হয় যদিও পৰিস্থিতি উত্তেজনাময় হৈ আছে ৷
উল্লেখ্য যে পিঠাঘাট সোণাৰিবিলৰ ৰেংমা বনাঞ্চলত অবৈধ বেদখলকাৰীক উচ্ছেদ কৰিছিল গোলাঘাট জিলা প্ৰশাসনে ৷ উচ্ছেদ হোৱাৰ পিছৰে পৰা অবাক আহযাহ অব্যৎ আছিল সীমামুৰীয়া নগা লোকৰ ৷ আনকি হাতত আগ্নেয়াস্ত্ৰ লৈ ভয়- ভাবুকি দি আহিছিল সোণাৰিবিলৰ দাঁতিকাষৰীয়া অঞ্চলত ৷ ৰেংমা বনাঞ্চল সহ উচ্ছেদিত ভূমি নিজৰ বুলি দাবী কৰি নগা দুৰ্বৃত্তই সময়ে সময়ে সন্ত্ৰাস অব্যাহত ৰখাৰ মাজতে বন বিভাগে ৰোপণ কৰা গছপুলি কাটি পেলোৱাক লৈ দিছপুৰে কি পদক্ষেপ লয় সেয়া হ’ব লক্ষণীয় ৷
ADVERTISEMENT




































