Veer Lachit Sena :
মহানগৰীৰ বৰবাৰী অপহৰণ কাণ্ডৰ স’তে পাঁচজনকৈ বীৰ লাচিত সেনাৰ সদস্য জড়িতৰ লগতে বিভিন্ন জনক ধন বিচাৰি দাবী পত্ৰ উদ্ধাৰৰ পিছতে বীৰ লাচিত সেনাৰ বিৰুদ্ধে কঠোৰস্থিতি গ্ৰহণ কৰিছে আৰক্ষীয়ে ৷
সোমবাৰে মহানগৰীত এখন সংবাদমেল সম্বোধন কৰি থকাৰ অৱস্থাতে বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্টু পানীফুকন সহ তিনিজনক আৰক্ষীয়ে আটক কৰে আটক কৰি কালি আদালতত হাজিৰ কৰাৰ তিনিদিনৰ বাবে জিন্মাত ৷
উল্লেখ্য যে গুৱাহাটীৰ বৰবাৰী অপহৰণ কাণ্ডত পাঁচজন বীৰ লাচিত সেনাৰ সদস্য আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সময়ত তেওঁলোকৰ পৰা কামৰূপ মহানগৰ জিলা সমিতিৰ মুখ্য সচিব বিকাশ অসম স্বাক্ষৰিত পাঁচ খন ধন দাবী পত্ৰ উদ্ধাৰ হৈছিল ৷ যাৰবাবে আৰক্ষীয়ে বিকাশ অসমক বিচাৰি দিছপুৰ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷ বিকাশ অসমে তেওঁৰ দুয়োটা ম’বাইলৰ চুইটচ অফ কৰি পলাতক অৱস্থাত আছে ৷
ইপিনে বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগাঠনিক সচিব শৃংখল চলিহাই শিৱসাগৰত সোমবাৰে বিয়লি এক সংবাদমেল সম্বোধন কৰি ধন দাবী কৰাৰ অভিযোগত বিকাশ অসমক বীৰ লাচিত সেনাৰ কামৰূপ গোটৰ সকলো বিষয়বাব সহ প্ৰাথমিক সদস্য পদৰ পৰা বহিস্কাৰৰ ঘোষণা কৰিছিল ৷
