Zubeen Garg:✒️জুবিন গাৰ্গক হত্যাৰ অভিযোগ আৰু ইয়াৰ অন্তৰালত বিত্তীয় লেনদেনৰ কোনো কাৰণ জড়িত আছিল নেকি? তদুপৰি জুবিনক ব্যৱহাৰেৰে একাংশই লুণ্ঠনো চলাইছিল নেকি? হত্যা আৰু একে সময়তে বিত্তীয় কেলেংকাৰিৰ দিশটোও তদন্তলৈ আনি এছআইটিয়ে বুধবাৰে ৰাজ্যৰ কে’বাখনো বিহু সমিতিৰ প্ৰতিনিধিৰ পৰা ভাষ্য সংগ্ৰহ কৰে।
জুবিন গার্গে কিমান টকাৰ বিনিময়ত অনুষ্ঠান পৰিবেশন কৰিছিল, সেই টকা কিদৰে পৰিশোধ কৰা হৈছিল, অনুষ্ঠানৰ চুক্তিপত্র কিদৰে কৰা হৈছিল, ধন আদায় দিয়াৰ প্ৰক্ৰিয়া কি কি আছিল আদি বিষয়তে মূলতঃ বিহু সমিতিবোৰৰ পৰা ভাষ্য গ্ৰহণ কৰা হয়।
ইয়াৰ বাবে বুধবাৰে চিআইডিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হোৱা বিহু সমিতিবোৰ আছিল- আজাৰা ৰঙালী বিহু সম্মিলনী, বেলতলা বিহু সম্মিলনী, ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সম্মিলন আৰু মঙলদৈ কেন্দ্রীয় ৰঙালী বিহু সম্মিলন। বিহু সমিতিবোৰৰ দুই-তিনিজনীয়া প্ৰতিনিধিৰ দলে তেওঁলোকৰ ভাষ্য এছআইটিক প্রদান কৰে।
বিহু সমিতিৰ প্ৰতিনিধিয়ে দিয়া ভাষ্যৰ ভিত্তিত সিদ্ধার্থ শৰ্মাই জুবিন গাৰ্গৰ মাননিৰ ধনক লৈ ব্যাপক অনিয়ম সংঘটিত কৰাৰ গভীৰ সন্দেহ প্রকাশ কৰিছে। জুবিন গার্গে বিহু সমিতিবোৰৰ লগত চুক্তি কৰা নাছিল। চুক্তি সম্পাদন কৰিছিল সিদ্ধার্থই। আনহাতে, কে’বাখনো বিহু সমিতিৰ পৰা সিদ্ধার্থই জুবিনৰ অনুষ্ঠানৰ মাননিৰ লাখ লাখ টকা নগদ ধন হিচাপে আদায় লৈছিল।
ইয়াৰ অন্তৰালত সিদ্ধার্থৰ গোপন অভিসন্ধি থকাৰ সন্দেহ প্রকাশ কৰিছে এছআইটিয়ে। আকৌ বিহুৰ অনুষ্ঠানৰ মাননিৰ পৰিমাণক লৈয়ো এছআইটিয়ে সিদ্ধার্থৰ লুণ্ঠন তথা অনিয়মৰ তথ্য লাভ কৰিছে। এছআইটিয়ে জুবিন গার্গে অনুষ্ঠান পৰিবেশন কৰা বহু বিহু সমিতিৰ পৰা ইতিপূর্বে মাননিৰ পৰিমাণ সংগ্ৰহ কৰিছে। তাৰ ওপৰঞ্চি কালি সাক্ষ্যদান কৰা সমিতিবোৰৰ পৰাও সেই তথ্য সংগ্ৰহ কৰা হয়।
সূত্রত প্রকাশ যে কোনোবা বিহু সমিতিৰ পৰা ১২ লাখ টকা আদায় কৰাৰ বিপৰীতে কোনোবাখনৰ লগত আকৌ সাত লাখ অথবা চাৰে সাত লাখ টকাতে চুক্তি কৰা হৈছিল। জুবিন গার্গে একে ধৰণৰ অনুষ্ঠানেই পৰিবেশন কৰিছিল; অথচ মেনেজাৰ সিদ্ধার্থই মাননিৰ ভিন ভিন পৰিমাণ নির্ধাৰণ কৰি সেইমতে ধন আদায় লৈছিল। সেই ধনৰ কিমান অংশ জুবিনে লাভ কৰিছিল, তাৰ তদন্ত এছআইটিয়ে অব্যাহত ৰাখিছে।
ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সম্মিলনে জনায় যে যোৱা ২১ এপ্রিলত তেওঁলোকৰ মঞ্চত জুবিন গার্গে গীত পৰিবেশন কৰিছিল। ইয়াৰ বাবে সকলো যোগাযোগ আৰু চুক্তি সিদ্ধাৰ্থৰ লগত সম্পন্ন হৈছিল। ১২ লাখ টকাত সেই চুক্তি কৰা হৈছিল আৰু সিদ্ধার্থই এক লাখ টকা আগধন লৈছিল। জুবিনৰ অনুষ্ঠান শেষ হোৱাৰ পাছতে সিদ্ধার্থই বাকী থকা ১১ লাখ টকাও আদায় লৈছিল। ইমান বৃহৎ পৰিমাণৰ ধন বিহু উদ্যাপন সমিতিখনে বেংকৰ জৰিয়তে অথবা চেকৰ জৰিয়তে আদায় দিব বিচাৰিছিল; কিন্তু সিদ্ধার্থ শর্মাই তেওঁক নগদ হিচাপতে সেই ধন দিব লাগিব বুলি বিহু সমিতিখনক বাধ্য কৰাইছিল।
ফলস্বৰূপে জুবিনৰ অনুষ্ঠান শেষ হোৱাৰ পাছতে ঘিলামৰা কেন্দ্রীয় ৰঙালী বিহু সমিতিয়ে চুক্তি অনুসৰি নগদ ১১ লাখ টকা সিদ্ধার্থৰ হাতত তুলি দিছিল।
আজাৰা ৰঙালী বিহু সম্মিলনীয়ে কয় যে জুবিন গাৰ্গৰ অনুষ্ঠান তেওঁলোকৰ বিহুৰ মঞ্চত একপ্ৰকাৰ নিয়মৰ দৰে হৈ পৰিছিল। ইয়াৰ বাবে সকলো ধৰণৰ চুক্তি আৰু কথা-বার্তা সিদ্ধাৰ্থৰ জৰিয়তেহে সম্পন্ন হৈছিল। সিদ্ধার্থই জুবিনৰ অনুষ্ঠানৰ মাননিৰ ধনো আদায় লৈছিল। আঠৰ পৰা ৮.৩০ লাখ টকাৰ বিনিময়ত জুবিনে অনুষ্ঠান পৰিবেশন কৰিছিল। বেলতলা বিহু সম্মিলনীয়ে জনায় যে তেওঁলোকৰ লগত জুবিনৰ কোনো চুক্তি হোৱা নাছিল।
আগতীয়া চুক্তি অথবা মাননি অবিহনেই জুবিনে বেলতলা বিহু সম্মিলনীৰ মঞ্চত গীত পৰিবেশন কৰিছিল। অৱশ্যে বিহু উদ্যাপন সমিতিয়ে নিজে উপযাচি জুবিনক মাননি আদায় দিছিল আৰু সেই ধন মেনেজাৰ সিদ্ধার্থই লৈছিল। বেংকযোগে ধন আদায় দিয়া বুলিও বেলতলা বিহু সম্মিলনীৰ কৰ্মকর্তাই এছআইটিৰ আগত ভাষ্য প্রদান কৰে।
প্ৰসংগক্রমে উনুকিয়াব পাৰি যে জুবিনে তেওঁক যন্ত্ৰৰ দৰে ব্যৱহাৰ কৰা বুলি কাৰো নাম উল্লেখ নকৰাকৈ বিভিন্ন সময়ত তাৎপর্যপূর্ণ মন্তব্য কৰিছিল। অনুষ্ঠান পৰিবেশনৰ নামত জুবিনক তেনে যন্ত্ৰৰ দৰেই ব্যৱহাৰ কৰা হৈছিল নেকি, এই প্ৰশ্নৰ চৰ্চাও চলি আহিছে।
ইপিনে, এছআইটিৰ মুৰব্বী তথা অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তাই কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত বর্তমানলৈকে ৯০ জনতকৈ অধিক লোকৰ সাক্ষ্য গ্রহণ কৰা হৈছে। একেদৰে তদন্তৰ অংশ হিচাপে একাংশ বিহু সমিতিৰ বিষয়ববীয়াৰো সাক্ষ্য গ্রহণ কৰা হৈছে। আগন্তুক দিনত আৰু কিছু সংখ্যক ব্যক্তিৰ সাক্ষ্য লোৱা হ’ব বুলিও গুপ্তাই সদৰী কৰে।
সমান্তৰালভাৱে ছিংগাপুৰ আৰক্ষীৰ লগতো এছআইটিৰ যোগাযোগ অব্যাহত আছে বুলি শীর্ষ আৰক্ষী বিষয়াজনে জনায়। তদন্ত দ্রুত গতিত চলি থকা বুলিও তেওঁ কয়।
আইনী সাহায্য বিচাৰি পত্নী-ঘনিষ্ঠ বান্ধৱীৰ তৎপৰতা
কোনো অধিবক্তাই আইনী সাহায্য প্রদান নকৰাৰ সিদ্ধান্ত গ্ৰহণৰ বাবে কামৰূপ মহানগৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ কালি দ্বাৰস্থ হয় শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্ত, শেখৰজ্যোতি গোস্বামীৰ পত্নী আৰু সিদ্ধার্থ শৰ্মাৰ ঘনিষ্ঠ বান্ধবী। উল্লেখ্য যে জুবিন গাৰ্গৰ দৰে শিল্পীসত্তাক হত্যাত অভিযুক্তৰ হৈ ওকালতি নকৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে অসমৰ অধিবক্তা সমাজে। ইয়াৰ ফলত ন্যায়িক জিম্মাত থকা মুঠ সাতজন অভিযুক্তৰ এজনৰো হৈ ন্যায়িক যুঁজ চলাবলৈ আজিলৈকে কোনো অধিবক্তা নোলাল।
অসমৰ অধিবক্তা সমাজে কৰা ‘বৰ্জন’ৰ পৰিপ্ৰেক্ষিতত আৰক্ষী জিম্মাৰ ম্যাদ শেষ হোৱাৰ পাছত আদালতত হাজিৰ কৰোৱাৰ সময়ত শ্যামকানু মহন্তই তেওঁক আইনী সাহায্য দিব লাগে বুলি নিজে আহ্বান জনাইছিল। তেতিয়া কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশে বক্তব্য দিছিল যে যদিহে কোনো অধিবক্তাই তেওঁলোকক আইনী সাহায্য প্রদান নকৰে, তেন্তে নিয়ম অনুসৰি জিলা আইন সেৱা প্ৰাধিকৰণৰ সহায় ল’ব পাৰিব।
সেই অনুসৰি, শ্যামকানু মহন্তৰ পৰিয়ালে আইন সেৱা প্ৰাধিকৰণৰ দ্বাৰস্থ হৈছে যদিও কোনো অধিবক্তাৰ পৰা সঁহাৰি নাপালে। বুধবাৰে পুনৰ অনিতা ডেকা মহন্ত আইনী সাহায্য বিচাৰি জিলা আইন সেবা প্ৰাধিকৰণৰ দ্বাৰস্থ হয়। একেদৰে শেখৰজ্যোতিৰ পত্নী আৰু সিদ্ধার্থৰ ঘনিষ্ঠ বান্ধবীয়েও আইনী সাহায্য বিচাৰি প্ৰাধিকৰণৰ ওচৰলৈ যায়। অধিবক্তা সমাজৰ বৰ্জনৰ পাছত আইন সেৱা প্ৰাধিকৰণে কিমানদূৰ সহযোগিতা কৰিব পাৰিব, সেয়া আগন্তুক দিনত লক্ষ্যণীয় হ’ব।






























