ঘণ্টাত ৩০০ কিলোমিটাৰ গতিবেগ !

হাৰিকেন মেলিছাত বিধ্বস্ত জামাইকা 

jamaica cover

Jamaica:✒️ হাৰিকেন মেলিছাত প্ৰকোপত বিধ্বস্ত জামাইকা। প্ৰতি ঘণ্টাত প্ৰায় ৩০০ কিলোমিটাৰ বেগত অহা এই এই ভয়ংকৰ ঘূৰ্ণীবতাহে দক্ষিণ-পশ্চিম জামাইকাৰ নিউ হোপৰ ওচৰত স্থলভাগত প্ৰৱেশ কৰিছে।

ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগৰ ফলত এতিয়ালৈকে ৩০ জন লোকৰ মৃত্যু হৈছে। ১৭৪ বছৰ ধৰি জামাইকাই ইমান শক্তিশালী ধুমুহা দেখা নাই।

কেৱল জামাইকাই নহয়, আফ্ৰিকাৰ কেবাখনো দেশ এই ভয়ংকৰ ঘূৰ্ণীবতাহৰ ফলত বিধ্বস্ত হৈ পৰিছে। জামাইকা আৰু হাইটি দুয়োখন দেশতে এই ধুমুহাত মৃত্যু হৈছে। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

জামাইকাত ধুমুহাৰ ফলত বহু গছ-গছনি আৰু বিদ্যুতৰ খুঁটা উভালি গৈছে। ফলত বেছিভাগ অঞ্চলতে বিদ্যুৎ বিচ্ছিন্ন হৈ পৰাৰ লগতে বেছিভাগ পথ বন্ধ পৰিছে।

উপকূলীয় অঞ্চলৰ ঘৰ-দুৱাৰ আৰু দোকান-পোহাৰ ভাঙি পৰিছে। স্থানীয় লোকক আগতীয়াকৈ সুৰক্ষিত অঞ্চললৈ স্থানান্তৰিত কৰি বৃহৎ দুৰ্যোগ ৰোধ কৰা হ’ল বুলি প্ৰশাসনৰ অনুমান।

Exit mobile version