কেন্দ্ৰৰে শান্তি চুক্তি অব্যাহত থকা অৱস্থাতে নগাসকলৰ সার্বভৌম স্বাধীন ৰাষ্ট্ৰৰ দাবী দোহাৰিলে এনএছচিএন (আই-এম)ৰ মুৰব্বী থুইংগালেং মুইভাই। যোৱা ২২ অক্টোবৰৰ পৰা জন্মগাঁও মণিপুৰৰ উজ্জ্বল জিলাৰ ছ’মডালত কটাই বুধবাৰে ডিমাপুৰ অভিমুখে যাত্রা কৰে বর্ষীয়ান নেতাজনে সম্প্রতি ৯০ উর্ধ্বৰ টাংখুল নগা জনগোষ্ঠীয় সন্তান মুইভাই কালি যাত্ৰাপথত মণিপুৰৰ সেনাপতি জিলাত এক জনসমাবেশত ভাষণ দিয়ে।
ভাষণত তেওঁ পুৰণি দাবী দোহাৰি কয় যে এনএছচিএন (আই-এম) বর্তমানেও সার্বভৌমত্বৰ দাবীত অবিচলিত আছে। ১৯৭০ৰ দশকতে নগাসকলে উত্থাপন কৰা এই দাবীৰ স’তে এনএছচিএন (আই-এম)-এ কেতিয়াও আপোচ নকৰে বুলিও মুইভাই স্পষ্ট কৰি দিয়ে। তেওঁ কয়, ‘নগাসকল নগা আৰু ভাৰতীয়সকল ভাৰতীয়। আমষ্টাৰডাম যুটীয়া বিবৃতি আৰু ২০১৫ৰ আগষ্টৰ কাঠামো চুক্তি (ফ্রেমবর্ক এগ্রিমেন্ট) অনুসৰিহে কেৱল সম্মানজনক ৰাজনৈতিক বুজাপৰা হ’ব। নাগালিমৰ সাৰ্বভৌমত্ব, নাগালিম ভূখণ্ড, নগা ৰাষ্ট্ৰীয় পতাকা আৰু নগা ৰাষ্ট্ৰীয় সংবিধানক স্বীকৃতি দিব লাগিব।’
উল্লেখ্য যে ছয় দশক পূর্বে স্বাধীন নগালেণ্ড দাবী মুইভাৰ নেতৃত্বত উত্থাপন কৰিছিল নগা সশস্ত্র সংগঠনে। পৰৱৰ্তী সময়ত ১৯৯৭৩ এনএছচিএন (আই-এম)-এ কেন্দ্ৰৰ স’তে শান্তি আলোচনাত মিলিত হোৱাত মুইভাই মুখ্য মধ্যস্থতাকাৰীৰ ভূমিক পালন কৰে। ১৯৭০ দশকতে ঘৰ এৰি আঁতৰি অহা মুইভাই ৫০ বছৰৰ মূৰত যোৱা ২২ আগষ্টত ডিমাপুৰৰ পৰা এখন হেলিকপ্টাৰত উঠি উজ্জ্বল নগৰ হৈ ছ’মডালত উপস্থিত হয়।
তেওঁক গাঁওবাসীৰ লগতে টাখুল জনগোষ্ঠীয় সংগঠনসমূহে বিপুল আদৰণি জনায়।বুধবাৰে তেওঁ কয়, ‘আমি কেতিয়াও আত্মসমর্পণ নকৰো। আজিয়ে হওক বা কাইলৈকে হওক, নগাসকল হৈছে নগা আৰু ভাৰতীয়সকল ভাৰতীয়। সার্বভৌমত্বৰ ক্ষেত্ৰত এনএছচিএন (আই-এম)ৰ মাজত কোনো অনিশ্চয়তা নাই। ভাৰত চৰকাৰৰ মধ্যস্থতাকাৰীসকলে আমাৰ স্থিতি স্পষ্টভাৱে বুজি পাইছে।’ পাছত এনএছচিএন (আই-এম)ৰ মুৰব্বীজনে ডিমাপুৰস্থিত সংগঠনটোৰ মুখ্য কাৰ্যালয়লৈ উভতি আহে।
লক্ষ্যণীয়ভাবে এনএছচিএন (আই-এম)ৰ মুৰব্বী মুইভাৰ স’তে ঐক্যতান গঢ়িছে ইউনাইটেড নগা কাউন্সিলে। সেনাপতি জিলাস্থিত এই সংগঠনে কালি নগা জনতাৰ ঘোষণাবলী (নগা পিপ’লছ ডিক্লাৰেছন) প্রকাশ কৰে। এই ঘোষণাৱলীৰ জৰিয়তে নগা কাউন্সিলে ২০১৫ৰ তিনি আগষ্টত কেন্দ্ৰৰ স’তে হোৱা এনএছচিএন (আই-এম)ৰ ফ্রেমৱৰ্ক এগ্রিমেন্ট অনুসৰি নগা সমস্যাৰ সমাধান হোৱাৰ পোষকতা কৰিছে। আত্মনির্ধাৰণ আৰু সামুহিক ভৱিষ্যতৰ বাবে সকলো নগা ঐক্যবদ্ধ হৈ আছে বুলিও এই ঘোষণাবলীত কোৱা হৈছে।
গতিকে কেন্দ্ৰৰ স’তে এনএছচিএন (আই-এম) যুদ্ধবিৰতিত থাকিলেও সংগঠনটোৱে সার্বভৌমত্বৰ দাবী পুনৰ উত্থাপন কৰাটো লক্ষ্যণীয় হৈছে। ইউনাইটেড নগা কাউন্সিলে উক্ত ঘোষণাৱলীৰ জৰিয়তে এনএছচিএন (জিপিআৰএন)ব নেতৃত্বৰ ওপৰত পুনৰ বিশ্বাস আৰোপ কৰিছে।
