ৰৈ ৰৈ বিনালে ছবিখনৰ মুক্তি লাভৰ প্ৰাকক্ষণত অসমীয়া যুৱ মঞ্চৰ বিশেষ অনুষ্ঠান

IMG 20251030 170810

Zubeen Garg:✒️৩১ তাৰিখে অৰ্থাৎ অহা কালিলৈ শুভমুক্তিলাভ কৰিব বহু প্ৰত্যাশিত জুবিন গাৰ্গৰ অন্তিমখন ছবি ” ৰৈ ৰৈ বিনালে” ।

ছবিখনৰ শুভমুক্তি লাভৰ প্ৰাকক্ষণত আজি অসমীয়া যুৱ মঞ্চৰ বিশেষ অনুষ্ঠান।

অসমীয়া বোলছবি তথা প্ৰাণৰ শিল্পী গৰাকীৰ সপোনৰ ছবি’ ৰৈ ৰৈ বিনালে ‘ৰ মুক্তি লাভৰ প্ৰাকক্ষণত জুবীন গাৰ্গৰ প্ৰতিছব্বিত গাখীৰ ঢালি সন্মান জনাই অসমীয়া যুৱ মঞ্চই।

নাৰেংগী এল জি টাৱাৰৰ গল্ড চিনেমা গৃহৰ সন্মুখত অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা জুবিন গাৰ্গৰ প্ৰতিছব্বিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি , গাখীৰ ঢালি, আঁঠু কাঢ়ি সেৱা জনাই সকলোৱে একেলগে গালে জুবীনৰ “মায়াবিনী ৰাতিৰ বুকু গীতটি” ।

অসমীয়া যুৱ মঞ্চৰ এই বিশেষ কাৰ্যসূচীত সহযোগ কৰিলে নাৰেংগীৰ স্থানীয় ৰাইজে।

Exit mobile version