Bongaigaon:
বঙাইগাঁৱৰ ৰাজপথত নিশা ভয়ংকৰ অঘটন ৷ কিষাণবজাৰৰ ৰাজপথত হঠাতে ১০৮ মৃত্যুঞ্জয় বাহনত অগ্নিকাণ্ডৰ সূত্ৰপাত ৷ দাও দাওকৈ বাহন খন জ্বলি উঠাৰ ফলত বাহনখনৰ চালক প্ৰবীৰ কুমাৰ ৰয় অগ্নিদগ্ধ হৈ আহত হয় ।
চালকজনক ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় চিকিৎসালয়লৈ ৷ আনহাতে ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে তৎপৰতাৰে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে অগ্নিকাণ্ডত বাহন খন অধেক অংশই ভস্মীভূত হয় ৷ যান্ত্ৰিক বিজুতিৰ বাবেই বাহনখনত জুই লগাৰ সন্দেহ আৰক্ষীৰ ৷
ADVERTISEMENT




































