Dhemaji:
কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰি গৃহ জিলা ধেমাজিত উপস্থিত মিচিং জনগোষ্ঠীৰ প্ৰাক্তন নেতা ৰাজু মেদক I ব্যাপক আদৰণি জনাই গোগামুখত বৰদলনি কংগ্ৰেছ কৰ্মী সকলে I জোনাই সমষ্টিত প্ৰতিদন্দিতা আগবঢ়াব ৰাজু মেদকে I
জোনাই সমষ্টিৰ বৰ্তমানৰ বিধায়ক ভুৱন পেগুৰ দম্ভ- অহংকাৰ , গুণ্ডাৰাজক এইবাৰ ৰাইজে প্ৰত্যাখ্যান কৰা লগতে কংগ্ৰেছৰ জনাই সমষ্টিত জয়ী নিশ্চিত বুলি কয় মেদকে i ভাৰতীয় জনতা পাৰ্টি দলটোয়ে আঞ্চলিক দল সমূহক নিশেষ কৰি পেলাইছে I কংগ্ৰেছ এনেকুৱা এটা দল মিত্ৰজোঁটৰ কোনো দলকে নিশেষ কৰাৰ মানসিকতা নকৰে I পূৰ্বতে তেখেত কংগ্ৰেছ দলতে থকাৰ কথা প্ৰকাশ কৰে মেদকে I বৰদলনী ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত আদৰনি জনোৱা অনুষ্ঠানত ব্লক কংগ্ৰেছৰ সভাপতি তাৰানাথ পেগু ,সাধাৰণ সম্পাদক মোহন হাজৰিকা ,ধেমাজি জিলা কংগ্ৰেছৰ উপ -সভাপতি কিৰণবন দেউৰী , বৰদলনি ব্লক যুৱ কংগ্ৰেছৰ সভাপতি দেবজিৎ দত্তকে ধৰি প্ৰায় শতাধিক কৰ্মী উপস্থিতত থাকে I
ADVERTISEMENT




































