River Terminal in Guwahati:
উত্তৰ – পূৰ্বৰ প্ৰথমটো জাহাজ বন্দৰ মুকলি হ’ব ৭ নৱেম্বৰত ৷ কে’বা কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰি উলিওৱা ব্রহ্মপুত্র জাহাজ টার্মিনেল আৰু ৰিভাৰ ফ্ৰণ্ট মুকলি কৰিব কেন্দ্রীয় মন্ত্রী বিত্তমন্ত্রী নির্মলা সীতাৰমণে।

উল্লেখ্য যে অসম চৰকাৰৰ অত্যাধুনিক নদী প্ৰকল্পটিয়ে পৰ্যটন ক্ষেত্ৰত অধিক উৎসাহিত কৰিব ৷বছৰৰ অধিক সময়ে এই বন্দৰ খোলা থাকিব ৷ এক লজিষ্টিক হাবলৈ পৰিণত হ’ব অত্যাধুনিক নদী বন্দৰটি। একেদৰে বাণিজ্যিক ক্ষেত্ৰত সামগ্ৰী পৰিবহনৰ নতুন বাট মুকলি কৰিব ব্ৰহ্মপুত্র জাহাজ বন্দৰটিয়ে ৷ ইয়াৰ পৰা শিলিগুৰি,কলকাতা আৰু চুবুৰীয়া দেশ বাংলাদেশলৈ সা- সামগ্ৰী আমদানি ৰপ্তানি হ’ব ৷ADVERTISEMENT




































