Vikash Asom:
আৰক্ষীৰ ৰোষত পৰাৰ ভয়ত বৰ্তমান পলাতক অৱস্থাত থকা বীৰ লাচিত সেনাৰ কামৰূপ মহানগৰ সমিতিৰ সদ্য বহিস্কৃত মুখ্য সচিব বিকাশ অসমে ছ’চিয়েল মেডিয়াত সাত পৃষ্ঠাৰ স্পষ্টীকৰণ লিখিত ভাবে জনালে ৰাইজক ৷ বিভিন্ন মাধ্যমত ধন দাবী সহ আন আন অভিযোগ একেমুখে নাকচ বিকাশ অসমৰ ৷ অচিৰেই আৰক্ষীৰ ওচৰত হাজিৰ হ’ব সদৰি কৰিলে প্ৰাক্তন বীৰ লাচিত সেনাৰ নেতাজনে I
সামাজিক মাধ্যমত বিকাশ অসমে স্পষ্টীকৰণত উল্লেখ কৰিছে এইদৰে –
সমূহ অসমবাসীলৈ মোৰ বৈপ্লৱিক অভিবাদন। আপোনালোক জ্ঞাত যে বিগত ১৯ ছেপ্টেম্বৰৰ পৰা অসমে হেৰুওৱা অসম গৌৰৱ অমৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায় আৰু হত্যা তথা মৃত্যুৰ কাৰণ জনাৰ অধিকাৰত অসমবাসীৰ দৰে ময়ো অসম চৰকাৰক হেঁচা প্ৰয়োগ কৰি আহিছিলো। য’ত বিগত ৩৫-৪০টা দিনত এই ঘটনাৰ বাবে মই তিনিবাৰকৈ অসম চৰকাৰৰ তথা গৃহ বিভাগৰ ৰোষত পৰিছো। শেষত সৌ সিদিনা ইউটিউবাৰ নিলোৎপল চলিহাৰ লগত হোৱা এটা ঘটনাক কেন্দ্ৰ কৰি এচাম ব্যক্তিয়ে স্বৰচিত আখ্যানেৰে বনাই দিলে যে বীৰ লাচিত সেনা অসমৰ প্ৰাক্তন নেতা বিকাশ অসমে অসমৰ মাতৃক অপমান কৰিছে, যিটো মোৰ মনলৈ কোনোদিনে অহা নাছিল আৰু কোনোদিনে নাহে। ই গোকাট মিছা আৰু জুবিনদাৰ বাবে মই কৰি অহা ঐক্যবদ্ধ সংগ্ৰামক বন্ধ কৰাৰ অপচেষ্টাহে। মোৰ মনোভাৱ কোনোদিনে আই-মাতৃক লৈ ৰাজনীতিৰ পথাৰ হ’ব নোৱাৰে। আনফালেদি অসম আৰক্ষীয়ে উদ্ধাৰ কৰা আৰ্থিক অনুদানৰ পত্ৰখন প্ৰচাৰ কৰিছে ধনদাবী পত্ৰ বুলি। সেইখন পত্ৰ আৰ্থিক সাহায্য বিচাৰি শুভাকাংক্ষীক দিয়া পত্ৰহে। তাত কোনো টকাৰ সংখ্যা উল্লেখ কৰা নাছিল। সেই পত্ৰ ৰাইজলৈ বুলি দিবলৈ আমি হেঁপাহ কৰা স্বৰ্গৰথৰ বাবেহে আছিল। সেই পত্ৰ অসম আৰক্ষীয়ে আমাৰ সতীৰ্থৰ গাড়ীৰ পৰাহে উদ্ধাৰ কৰিছিল। কোনো ব্যক্তিৰ অভিযো #টেগ লিখি ন্যায় বিচাৰিবলৈ মোৰ কি অধিকাৰ নাই নেকি? মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দিয়া প্ৰথমটো প্ৰতিক্ৰিয়াৰ পিছত বিজেপিৰ একাংশই মোক সামাজিক মাধ্যমত আক্ৰমণৰ বিষয় কৰি লয়।
আচৰিত বিষয় যে সাহায্য বিচাৰি আমাৰ সতীৰ্থই গাড়ীত ৰখা পত্ৰখনক ভুলকৈ উপস্থাপন কৰিলে যে বিকাশ অসমে ধনদাবী কৰিছে। মই বিগত ২৫ তাৰিখৰ পৰা গুৱাহাটীৰ বাহিৰত, সেইবাবে দিছপুৰ আৰক্ষীৰ লগত হোৱা ঘটনাক লৈ মই নিজেই আচম্বিত। আৰু মোৰ প্ৰত্যাহ্বান থাকিব মাননীয় মুখ্যমন্ত্ৰী মোহদয়লৈ যে যদিহে আপোনাৰ সৎ সাহস আছে তেতিয়াহ’লে মোৰ স্বাক্ষৰ সম্বলিত ১৫-২০ লাখ টকা দাবী কৰা ধনদাবী পত্ৰ মুকলি কৰক। উক্ত আৰ্থিক সহযোগিতা পত্ৰখনৰ কেৱল কিয়দাংশহে কিয় ৰাইজলৈ মুকলি কৰি সকলোকে আন্ধাৰত ৰখা হৈছে। সত্য এদিন পোহৰলৈ আহিব। এই নাটকীয় ৰাজনৈতিক আক্ৰমণে কোনো মানুহক সংশোধন কৰিব নোৱাৰে। আই-মাতৃৰ কথা মই ক’ৰবাত নহয় ক’ৰবাত উপস্থাপন ভুল হ’ব পাৰে বুলি কথাষাৰ সালসলনি কৰি ল’ম। কাৰণ মই ইচ্ছা নকৰাকৈ মোক লৈ নেৰেটিভ এটা তৈয়াৰ কৰা হ’ল যে বিকাশ অসমে আই মাতৃক অপমান কৰিছে। আপোনালোকে কেইদিনমানৰ বাবে মোক অপৰাধী সজাবহে পাৰিব, কিন্তু মোৰ জাতীয় চেতনাক শেষ কৰিবলৈ নোৱাৰিব।মোৰ মনোভাৱ কোনোদিনে চৰকাৰৰ বিৰোধিতাৰে নাছিল। কিন্তু শেহতীয়াকৈ মন কৰিলো যে জুবিন দাৰ হৈ কিবা লিখিলে, নিউজত বহি ন্যায়ৰ বাবে মাত মাতিলে এচাম চৰকাৰৰ লালিত-পালিত মানুহে আক্ৰমণৰ পথ আৰম্ভ কৰে। আমাৰ ন্যায় বিচাৰিব অধিকাৰ কোনদিনা হেৰালে?? এই ধৰণৰ কুটিল ষড়যন্ত্ৰৰ বলি এতিয়া আমি বহুতো প্ৰতিবাদকাৰী। ভুল হ’লে মই ক্ষমা বিচাৰিম, কিন্তু আপোচ কৰিবলৈ শিকা নাই মই আৰু আপোচ নকৰিম। যিকোনো অসমীয়াৰ বাবে মই আপোচবিহীন স্থিতি মৃত্যুৰ আগ মুহূৰ্তলৈকে থাকিব। কিছু সংখ্যকৰ এই জুবিনদাৰ বিষয়টোক বেলেগ ফাললৈ নিবলৈ অহৰহ প্ৰয়াস। আনকি মোৰ দৰে সৰু এজন মানুহকো এজন ছচিয়েল ইনফ্লুৱেঞ্চাৰৰ দৰে ব্যক্তিয়ে টকাৰ দৰদাম কৰিবলৈ আহে। মই সেই চৰকাৰী টকাৰে ভিডিঅ’ প্ৰস্তুত কৰা ব্যক্তিজনক ক’লে যে দাদা এইটো মই কৰিব নোৱাৰিম। মানে চৰকাৰৰ মতে ভিডিঅ’বোৰ বনালে টকা দিব। মই কেতিয়াও বিক্ৰী হোৱা ব্যক্তি নহয়। আমিও চৰকাৰৰ সুবিধা লৈ দিনে-ৰাতিয়ে যি মন তাকেই কৰিব পাৰিলো হয় কিন্তু মোৰ বাবে জাতি আগত, জুবিনদা আগত। আমি হত্যাকাৰী নহয়, আমি প্ৰতিবাদীহে। আমাক ন্যায় লাগে। পলমকৈ খবৰ পাইছিলো যে বিকাশ তই চৰকাৰৰ চকুত পৰিছ। আৰু তোক চৰকাৰে এইবাৰ নিৰ্বাচনৰ সময়লৈকে জে’লত দিব পাৰে। কিন্তু মনে নামানে, ঘৰৰ প্ৰতিজন মানুহৰ পৰা এনেবোৰ ক্ষেত্ৰত গালি-শপনি মাজে মাজে। এতিয়া মই কৰিম কি? এই ধৰণৰ জাতিটোৰ প্ৰতিটো সমস্যাত যুঁজ দিয়া বিষয়টো মোৰ তেজে তেজে ৰঞ্জিত। শুদ্ধক শুদ্ধ বুলি আৰু ভুলক ভুল বুলি ক’বলৈ শিকিলো। ৰাজনৈতিক মেৰপাকেৰে চালে মই যোৱা ২৭ তাৰিখে আক্ৰোষমূলকভাৱে আমাৰ কেন্দ্ৰীয় নেতৃত্ব মাননীয় মুখ্য সচিব প্ৰধান ৰণ্টু পানীফুকন, উৎপল দত্ত, তন্ময় আৰু কোনো ভুল নথকাকৈ বিৰাজ বল্লভ কলিতাক গ্ৰেপ্তাৰ কৰিলে। আনকি সেইদিনা বিৰাজ বল্লভ কলিতা অসমতেই নাছিল। ৰণ্টু পানীফুকন আৰু কেন্দ্ৰীয় নেতৃত্বই কেৱল সংবাদমেলহে তাত সম্বোধন কৰিছিল। কিন্তু সকলোকে আক্ৰোশমূলক ভাৱে গ্ৰেপ্তাৰ কৰি জুবিন দাৰ বিষয়টোক তল পেলবালৈ আপ্ৰাণ চেষ্টা। নাপায় মহোদয় নাপায় এনে কৰিব। আকৌ ক’ম মোৰ উদ্দেশ্য অসমৰ আই মাতৃক অপমান কৰা নহয়। ই মনে সজা কিছুমান ৰাজনৈতিক ব্যক্তিৰ কুচক্ৰান্ত। সকলোকে মুকলি কৰি দিয়ক।
মাননীয় অসমৰ গৃহ বিভাগ, অসমৰ পুলিচ বিভাগে মোক বিচাৰি মিছাকৈ কষ্ট কৰিব নালাগে। মোৰ ওপৰত অহা মিছা অভিযোগসমূহ মই ৰাইজক উত্তৰৰ আকাৰে দিব লাগিব। নহ’লে মই যি দেখিলোঁ গ্ৰেপ্তাৰ হোৱাৰ পাছত ৬/৭ মাহলৈ অভিযোগৰ উত্তৰ দিয়াৰ সুবিধা নাই। আকৌ প্রত্যাহ্বান যে মোৰ স্বাক্ষৰিত যিকোনো এখন ধন দাবীপত্র পাৰিলে ৰাজহুৱা কৰক, য’ত ১০/১৫/২০ লাখ টকা দাবী কৰা হৈছিল।
জয় আই অসম, জয় জুবিন দা, ন্যায় পাবই লাগিব। # টেগ ১৩ মিলিয়ন কৰিবলৈ নাপাহৰিব। জুবিন দাৰ শেষৰখন চিনেমা ‘ৰৈ ৰৈ বিনালে’ সকলোৱে চাব।
বিঃদ্রঃ- মাননীয় DGP, CP, DCP, ACP, OC আৰু অসম পুলিচৰ ওচৰত মই ক্ষমাপ্রার্থী যে আপোনালোকৰ ওচৰত মই ধৰা নিদিয়া বাবে। সময়ত মই নিজেই উপস্থিত হ’ম।
ADVERTISEMENT




































