CID HQ :
অসমীয়া হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত তদন্ত কৰি থকা এছ আইটিয়ে বর্তমানলৈ প্রায় শতাধিক লোকৰ সাক্ষ্য গ্রহণ কৰিছে ৷ শেহতীয়াকৈ এছআইটিএ তলব কৰা অনুসৰি ইখন পিছত সিখনকৈ বিহু কমিটীৰ লোক চিআইডি কাৰ্যালয়ত উপস্থিত হৈ নিজৰ ভাষ্য প্ৰদান কৰিছে ৷ উল্লেখ্য যে এই সমূহ বিহু কমিটিৰ স’তে সংগীত পৰিবেশনৰ বাবে চুক্তিবদ্ধ হয় প্ৰতিবছৰে ৷ জুবিন গাৰ্গৰ মাৰফৎত মাননি লৈছিল সিদ্ধাৰ্থ শৰ্মাই।

আনহাতে এছআইটিৰ তলব কৰা অনুসৰি শুকুৰবাৰে চিআইডি হেড কোৱাৰ্টাৰত উপস্থিত হৈ ভাষ্য প্ৰদান কৰে জুবিন গাৰ্গ সৈতে একেলগে কণ্ঠদান কৰিছিল ভানুপ্রিয়া ডেকাই। ৷ একেদৰে এছ আইটিক ভাষ্য প্ৰদান কৰে ছিংগাপুৰৰ নৰ্থ ইষ্ট ফেষ্টিভেললৈ যোৱা ৩ ফটো গ্ৰাফাৰ ক্ৰমে অভিনাশ দাস , অভিষেক বৰা আৰু কুলজিৎ দেউৰী ৷ADVERTISEMENT




































