CID HQ :
অসমীয়া হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত তদন্ত কৰি থকা এছ আইটিয়ে বর্তমানলৈ প্রায় শতাধিক লোকৰ সাক্ষ্য গ্রহণ কৰিছে ৷ শেহতীয়াকৈ এছআইটিএ তলব কৰা অনুসৰি ইখন পিছত সিখনকৈ বিহু কমিটীৰ লোক চিআইডি কাৰ্যালয়ত উপস্থিত হৈ নিজৰ ভাষ্য প্ৰদান কৰিছে ৷ উল্লেখ্য যে এই সমূহ বিহু কমিটিৰ স’তে সংগীত পৰিবেশনৰ বাবে চুক্তিবদ্ধ হয় প্ৰতিবছৰে ৷ জুবিন গাৰ্গৰ মাৰফৎত মাননি লৈছিল সিদ্ধাৰ্থ শৰ্মাই।
