Garima Saikia Garg:
অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অন্তিম খন কথাছবি ‘ৰৈ ৰৈ বিনালে আজি অসম সহ দেশৰ প্ৰায়বোৰ চলচ্চিত্ৰ গৃহত মুক্তি লাভ কৰে ৷ পুৱাৰে পৰা আৰম্ভ হোৱা প্ৰথম দৰ্শনী চাই আৱেগিক হৈ পৰিল দৰ্শক ৷ সকলোৰে চকুত অশ্ৰু ৷
আনহাতে দৰ্শকৰ ব্যাপক সঁহাৰি দেখি আৱেগিক হৈ পৰিল জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গ। গৰিমাই ক’লে জুবিনে বৰষুণজাক ভাল পাইছিল। আজি পুৱাৰে পৰা দি থকা বৰষুণজাকে তেওঁ থকাৰ আশ্বাস দিছে। ছিংগাপুৰৰ পৰা অহাৰ দিনাও তেওঁ এজাক বৰষুণ হৈ আহিছিল। আজিৰে পৰা অসমীয়া চিনেমাৰ এক অনন্য জয়যাত্ৰা আৰম্ভ হ’ল ।’
একেদৰে লখিমপুৰতো পুৱতি নিশা ৪ বাজি ৩৫ মিনিটত হ’ল প্ৰথমটো দৰ্শনী আৰম্ভ হ’ল। ধেমাজিতো ৪ বাজি ৪৫ মিনিটত প্ৰথমটো দৰ্শনী আৰম্ভ হ’ল। প্ৰতিটো কথাছবি গৃহলৈ অগনন জুবিন অনুৰাগীৰ সোঁত বয় ৷ একপ্ৰকাৰ হিলদল ভাঙি ওলাই আহিল ৰাইজ। ইতিমধ্যে মুক্তিৰ পূৰ্বেই অভিলেখ ৰচিছে জুবিনৰ ৰৈ ৰৈ বিনালে ছবিখনে। ৰাজ্যৰ প প্ৰতিটো ছবিগৃহতে আগন্তুক ৭ দিনৰ বাবে হাউছফুল। ৯০ বছৰীয়া অসমীয়া ছবিজগতৰ বাবে ই এক মাইলৰ খুঁটি হৈ ৰ’ব জুবিন গাৰ্গৰ মানস পুত্ৰ স্বৰূপ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’।
