অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলাম জিলাৰ কাছিবুগ্গাৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত মৰ্মান্তিক ঘটনা। ভক্তৰ হেঁচা-ঠেলাৰ পৰিণতিত মন্দিৰত পদপিষ্ট হৈ প্ৰাণ হেৰুৱালে ন গৰাকী ভক্তই ।
লগতে শোকাৱহ এই ঘটনাত আন কেবাজনো ভক্ত আহত হৈছে। তথ্য অনুসৰি,আহত বহুকেইজন ভক্তৰ অৱস্থা সম্প্ৰতি সংকটজনক ।
উল্লেখ্য যে, শোকাৱহ এই ঘটনাটোত মৃতকৰ সংখ্যা বৃদ্ধিৰ হোৱাৰ আশংকা কৰা হৈছে। আহত লোকসকলক তাৎক্ষণিক চিকিৎসাৰ বাবে সমীপৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।
ঘটনাৰ তথ্য লাভ কৰাৰ পাছতে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে প্ৰশাসনে।
তথ্য অনুসৰি শ্ৰীকাকুলাম জিলাৰ কাছিবুগ্গাৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত আজি পুৱাৰে পৰা একাদশীৰ বাবে ভক্তৰ যথেষ্ট ভিৰ হৈছিল।
মন্দিৰৰ চৌহদত হঠাতে ব্যাপক জনসমাগমৰ ফলত ভক্তৰ মাজত হেঁচা-ঠেলা পৰিৱেশৰ সৃষ্টি হয়। এনে পৰিস্থিতিত বহু লোক তলত বাগৰি পৰে। নিজকে ৰক্ষাৰ বাবে লোকসকলে মুকলি স্থানলৈ ওলাই যোৱাৰ চেষ্টা চলায় আৰু তেওঁলোকৰ গচকত প্ৰাণ হেৰুৱায় তলত বাগৰি পৰা ন গৰাকী ভক্ত ।
