AASU Protest:অসম-নগালেণ্ড সীমান্তত নগা দুৰ্বৃত্তই কি পৰ্যায়ৰ দুস্কাৰ্য সংঘটিত কৰিলে অসম চৰকাৰ সাৰ পাব : ধনশিৰি মহকুমা ছাত্ৰ সন্থা

DHAN 1

AASU Protest:

নগা দুষ্কৃতিকাৰীৰ কবলৰ পৰা অসমৰ ভূমি, বনজ সম্পদ আৰু খিলঞ্জীয়া জনগণৰ জীৱন-সম্পত্তিৰ সুৰক্ষা সুনিশ্চিত কৰাৰ দাবীৰে ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ আজি সৰুপথাৰ নগৰৰ মাজমজিয়াত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। নগা দুৰ্বৃত্তৰ মন গলেই বন্দুক লৈ আহিব, মন গলেই গাঁও জ্বলাই দিব, মন গলেই গছ পুলি কাটিব কিন্তু অসম চৰকাৰে কেতিয়া এইসকলৰ ওপৰত বিহিত ব্যৱস্থা লব তাক লৈ ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ অসম চৰকাৰলৈ প্ৰশ্ন।

অসম-নগালেণ্ড সীমান্তত খিলঞ্জীয়া ৰাইজৰ নিৰপত্তা সুনিশ্চিত কৰাৰ লগতে অতি শীঘ্ৰে বনাঞ্চল সমূহত ৰক্ষণাবেক্ষণ দিয়াৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰৰ ওচৰত তেওঁলোকে দাবী জনাই।

Exit mobile version