Donald Trump:✒️মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে আৰোপ কৰা ৫০ শতাংশ শুল্কই মন্দা কৰিছে দেশৰ ৰপ্তানি বজাৰ। শেহতীয়া এক তথ্য অনুসৰি বিগত কিছুমাহত আমেৰিকালৈ ভাৰতীয় সামগ্ৰীৰ ৰপ্তানি ৩৭.৫ শতাংশ হ্রাসপায়।
স্বাভাৱিকতে ইয়ে দেশৰ ৰপ্তানি-বাণিজ্যৰ স’তে জড়িতসকলক উদ্বিগ্ন কৰিছে। এই সম্পৰ্কত গ্ল’বেল ট্রেড বিছার্চ ইনিচিয়েটিভ (জিটিআৰআই) শীর্ষক সংস্থাই প্ৰকাশ কৰা অনুসৰি চলিত বৰ্ষৰ মে’ৰ পৰা ছেপ্টেম্বৰৰ সময়ছোৱাত আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৭.৫ শতাংশ হ্রাস পায়।
হ্ৰাসৰ এই ধাৰা অব্যাহত আছে বুলিও সংস্থাটোৱে প্ৰকাশ কৰিছে।এনেদৰে দেশখনলৈ ভাৰতীয় সামগ্ৰীৰ ৰপ্তানি হ্রাস পোৱাৰ কাৰণ ট্রাম্পৰ শুল্ক বুলি চিহ্নিত কৰিছে সংস্থাটোৱে। সংস্থাটোৰ মতে ট্রাম্পৰ শুল্ক আগষ্টৰ পৰাহে কাৰ্যকৰী হয় যদিও পূর্বেই মার্কিন ৰাষ্ট্ৰপতিজনে শুল্ক আৰোপৰ হুংকাৰ দিয়াত দেশখনলৈ ভাৰতীয় সামগ্ৰীৰ ৰপ্তানি হ্রাস পাবলৈ ধৰে। ফলত আমেৰিকা যুক্তৰাষ্ট্ৰলৈ পূর্বে ৮.৮ বিলিয়ন মার্কিন ডলাৰ (কমেও ৪৫ হেজাৰ কোটি টকাৰ) ভাৰতীয় সামগ্ৰী ৰপ্তানি হৈছিল যদিও সম্প্রতি ইয়াৰ পৰিণাম ৫.৫ বিলিয়ন ডলাৰলৈ হ্রাস পায়।
শেহতীয়া তথ্য অনুসৰি ট্রাম্পৰ শুল্ক আৰোপৰ ফলত অত্যধিক ক্ষতিৰ সম্মুখীন হোৱা খণ্ডসমূহৰ অন্যতম হ’ল স্মার্টফোন আৰু ঔষধ প্রতিষ্ঠানসমূহ। যোৱা মে’ত দেশখনলৈ ভাৰতৰ পৰা ২.২৯ বিলিয়ন ডলাৰৰ স্মার্টফোন ৰপ্তানি হোৱাৰ বিপৰীতে ছেপ্টেম্বৰত ইয়াৰ পৰিমাণ ৮৮৪.৬ নিযুত ডলাৰলৈ হ্রাস পায় বুলি জিটিআৰআয়ে প্রকাশ কৰিছে। একেদৰে উক্ত সময়ছোৱাত ঔষধৰ ৰপ্তানি ৭৪৫.৬ নিযুত ডলাৰৰ পৰা ৬২৮.৩ নিযুত ডলাৰলৈ হ্রাস পায়।
এনেদৰে ৰপ্তানি হ্রাস পোৱাত দেশৰ বিভিন্ন উদ্যোগ খণ্ডত বহু কৰ্মচাৰীয়ে চাকৰি হেৰুওৱাৰ দৰে পৰিস্থিতি সৃষ্টিৰ আশংকা প্রকট হৈছে।
