Mumbai:✒️বিশ্বখ্যাত পপ গায়ক এনৰিক ইগলেছিয়াছৰ মুম্বাই অনুষ্ঠানত এক অভাৱনীয় কাণ্ড সংঘটিত হ’ল। সুৰৰ মায়াজালত দর্শক-শ্রোতাসকল মন্ত্রমুগ্ধ হৈ থকাৰ সুযোগ বুজি চোৰে ৭৩ টা দামী ম’বাইল ফোন চুৰি কৰি নিয়ে। এই ফোনসমূহৰ মুঠ মূল্য কমেও ২৪ লাখ টকা। উল্লেখ্য যে যোৱা ২৯ অক্টোবৰত মুম্বাইত ইগলেছিয়াছৰ কনছার্ট আছিল। এই চুৰিৰ ঘটনা সম্পৰ্কত আৰক্ষীৰ ওচৰত সাতটাকৈ গোচৰ ৰুজু হৈছে। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি চোৰে এজন মেকআপ আর্টিষ্ট, এখন হোটেলৰ মালিক, বৃহৎ সংখ্যক ছাত্র-ছাত্রী, এজন সাংবাদিক, ব্যৱসায়ী আদিৰ পৰা এই বৃহৎ সংখ্যক ফোন চুৰি কৰে। বিশ্বখ্যাত সংগীত শিল্পীজনৰ এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল মুম্বাইৰ বান্ড্রা কুলা কমপ্লেক্সত। এই অনুষ্ঠানৰ প্ৰতিটো টিকটৰ মূল্য আছিল সাত হেজাৰ টকা। গেমী বঁটাৰে সন্মানিত ৫০ বছৰীয়া পপ গায়কজনৰ অনুষ্ঠান উপভোগ কৰিবলৈ ২৫
হেজাৰৰো অধিক লোক সমবেত হৈছিল। দর্শক-শ্রোতাসকলক সুৰৰ মায়াজালৰে বন্দী কৰি তেওঁ ৯০ মিনিটতকৈও অধিক সময় অনুষ্ঠান পৰিৱেশন কৰে।
তেওঁৰ সুৰৰ মায়াজালত মন্ত্রমুগ্ধ হৈ এজন অনুৰাগীয়ে মঞ্চলৈ নিজৰ বিলাসী ফোন দলিয়াই অভিবাদন জনায়। হাতেৰে মাইক্ৰ’ফোন ধৰি থকাৰ সময়তে অনুৰাগীজনৰ ফোনটো ধৰি এটা ছেলফি তুলি ফোনটো ঘূৰাই দিয়ে গায়কজনে। এই অনুৰাগীজনকে অনুকৰণ কৰি আন একাংশলৈও মঞ্চই নিজৰ বিলাসী ফোনসমূহ দলিয়াবলৈ ধৰে। এনৰিক আৰু তেওঁৰ সতীৰ্থসকলে ফোনবোৰ ওভতাই দিয়াৰ পাৰ্যমানে চেষ্টা কৰে।






























