Dibrugarh:
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জন্মু কাশ্মীৰ ফাইল আৰু কেৰেলা ষ্টৰি ছবি চাবলৈ মানুহক লাইন লগাই দিছিল । সকলো মন্ত্ৰী বিধায়কক ছবিদুখন চাবলৈ নিৰ্দেশ দিছিল, চৰকাৰী কৰ্মচাৰীক ছুটি দিছিল । কিন্তু জুবিন গাৰ্গৰ বোলছবিখন চোৱাৰ ক্ষেত্ৰত এই বিলাক কৰিবলৈ মুখ্যমন্ত্ৰীৰ সময় নোহোৱা হৈছে । জুবিন গাৰ্গক ৰাজ্যবাসীয়ে শ্ৰদ্ধাঞ্জলি জনাইছে । ছবিখন চোৱাৰ পিছতো শ্ৰদ্ধাঞ্জলি জনাইছে । কিন্তু মুখ্যমন্ত্ৰী গৰাকীৰ গুৰুত্ব নাই ।
ডিব্ৰুগড় কোটোহাত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক তথা APCC ৰ বিশেষ তত্ত্বাৱধায়ক বিকাশ উপাধ্যায়ে কংগ্ৰেছৰ কৰ্মী সভাত অংশ লৈ বিজেপি দলক তীব্ৰ সমালোচনা কৰে । বিজেপি দলে দ্ৰব্য সামগ্ৰীৰ দাম বঢ়াই ১ টকা দি ৬ টকা লৈ যোৱা কথা ৰাইজে বুজিছে । ৰাইজে এতিয়া কংগ্ৰেছকে আকোঁৱালি ল’ব । মিত্ৰতা দলৰ সিদ্ধান্ত মৰ্মে হ’ব । আগন্তুক দিনত এই বিষয়ে চিন্তা-চৰ্চা কৰা হ’ব । কংগ্ৰেছে এতিয়া দল শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিছে বুলি নেতাজনে উল্লেখ কৰে ।
কংগ্ৰেছ দলক জনতাৰ মনত অধিক শক্তিশালী ৰূপত প্ৰতিষ্ঠাৰ লক্ষ্যৰে বৰবৰুৱা আৰু খোৱাং ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত এক বিশাল কৰ্মীসভা অনুষ্ঠিত হয়। এই সভাত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক গৰাকীৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক দেৱকুমাৰ চেতিয়া , ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটীৰ সভাপতি বিপুল ৰাভা , প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ নীলনেত্ৰ নেওগ , প্ৰদেশ কংগ্ৰেছৰ সামাজিক মাধ্যম বিভাগৰ উপাধ্যক্ষ বিজিত সন্দিকৈ, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক অবিনাশ পোহৰ গগৈসহ বহু নেতা- কৰ্মী উপস্থিত থাকে ।
ADVERTISEMENT




































