Justice Soumitra Saikia Judicial Inquiry Commission:
হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া চিআইডিৰ এছআইটিয়ে অব্যাহত ৰখাৰ সমান্তৰালভাৱে অসম চৰকাৰে গঠন কৰি দিয়া ন্যায়াধীশ সৌমিত্র শইকীয়া ন্যায়িক আয়োগৰ তদন্ত প্ৰক্ৰিয়া আজিৰে পৰা আৰম্ভ হয় ৷ মহানগৰীৰ চানমাৰিস্থিত আয়োগৰ কাৰ্যালয়ত আৰম্ভ সাক্ষ্যগ্রহণ প্রক্রিয়া ৷
উল্লেখ্য যে,অসম চৰকাৰে জুবিন গাৰ্গ মৃত্যুৰ তদন্তৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পৰামৰ্শক্ৰমে ন্যায়াধীশ সৌমিত্র শইকীয়াক লৈ এখন আয়োগ গঠন কৰি দিছিল ৷
