Maligaon Incident:
মহানগৰীৰ মালিগাঁৱত চাঞ্চল্যকৰ ঘটনা ৷ বৰিপাৰাৰ নীলগিৰি এপার্টমেণ্টৰ চতুৰ্থ মহলাৰ পৰা পৰি মৃত্যু হয় এজন লোকৰ ৷পাৰ্কিঙৰ এখন গাড়ীৰ ওপৰত পৰি মৃত্যু হয় লোকজনৰ ৷ কৰুণ মৃত্যুক সাৱটি লোৱা লোকজনৰ নাম সৌমেন্দু দাস ৷ মৃত সৌমেন্দু দাস ভাৰতীয় জীৱন বীমা নিগমত কৰ্মৰত আছিল ৷
ADVERTISEMENT
ইতিমধ্যে ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইছলৈ প্ৰেৰণ কৰি আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত ৷ এইয়া হত্যা নে আত্মহত্যা তাক লৈ কেতবোৰ বিষয় উদ্থাপিত হৈছে । যাৰবাবে আৰক্ষীৰ তদন্ততহে সকলো তথ্য পোহৰলৈ আহিব।




































